চ’ত মাহৰ শেষত আকাশজুৰি গ্ৰহ-নক্ষত্ৰৰ এক অভিনৱ সমীকৰণ তৈয়াৰ হ’ব৷ আগন্তুক ৩১ মাৰ্চ, মঙ্গলবাৰে নিশা ৮বাজি ১৬ মিনিটত তেজস্বী সূৰ্যদেৱে নিজৰ নক্ষত্ৰ পৰিবৰ্তন কৰি বুধৰ অধীন ৰেৱতী নক্ষত্ৰত ভৰি ৰাখিব৷ জ্যোতিষশাস্ত্ৰত সূৰ্যক আত্মবিশ্বাস আৰু নেতৃত্বৰ কাৰক গ্ৰহ বুলি মনা হয়৷ আৰু বুধৰ নক্ষত্ৰত সূৰ্যৰ অৱস্থান আগন্তুক ১৪ এপ্ৰিল পৰ্যন্ত বৰ্তি থাকিব৷
গ্ৰহৰাজ আৰু দেৱগুৰুৰ এই প্ৰচ্ছন্ন প্ৰভাৱত মৰ্ত্যৰ চাৰি ৰাশিৰ জাতক জাতিকাৰ জীৱনত এক ডাঙৰ পৰিবৰ্তনৰ ইংগিত দিছে শাস্ত্ৰজ্ঞসকলে৷ বিশেষকৈ মেষ, সিংহ, ধনু আৰু মকৰ, এই চাৰি ৰাশিৰ মানুহৰ আত্মবিশ্বাস আৰু কৰ্মশক্তি এক ধাক্কাত কেইবাগুণো বাঢ়ি যাব পাৰে৷ চ’তৰ শেষত ভাগ্য পৰিবৰ্তন হ’ব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
জাতকৰ হাহে এই গোচৰ অত্যন্ত শুভ৷ ভাগ্যৰ পূৰ্ণ সহযোগিতা পাব তেওঁলোকে৷ আনকি দীৰ্ঘদিন ধৰি ৰৈ থকা অসমাপ্ত কামসমূহ আৰু দ্ৰুত গতিত শেষ হ’ব৷ ডাঙৰ কোনো আৰ্থিক বিনিয়োগৰ পৰা লাভৰ মুখ দেখাৰ প্ৰৱল সম্ভাৱনা আছে এই ৰাশিৰ৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই নক্ষত্ৰ সলনিয়ে ৰাজকীয় সুখ কঢ়িয়াই আনিব পাৰে৷ কৰ্মক্ষেত্ৰত পদোন্নতি বা নতুন দায়িত্ব লাভৰ ওপৰিও সমাজত তেওঁলোকৰ মান সন্মান বৃদ্ধি পাব৷ বিচক্ষণতাৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ পাৰিবাৰিক জীৱনলৈ আহিব সুখৰ বাতাবৰণ৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ চিন্তাভাৱনাত স্বচ্ছতা আহিব আৰু আধ্যাত্মিকতাৰ প্ৰতি আশংকা বাঢ়িব৷ কেৰিয়াৰত উন্নতিৰ অসংখ্য সুযোগ আহিব আপোনাৰ সন্মুখত৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে সাফল্যৰ এক নতুন দিগন্ত উন্মোচিত হ’ব৷ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পোৱাৰ ওপৰিও পূৰণি ৰৈ থকা ধন উদ্ধাৰৰ পথ প্ৰশস্ত হব৷ নতুন চাকৰিৰ অফাৰ বা ব্যৱসায়িক লাভৰ নতুন দিশা মকৰ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাক আৰু মজবুত কৰিব৷ চ’তৰ শেষত ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















