কাইলৈ ১৭ নৱেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই বৃষ ৰাশি ত্যাগ কৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ কৃষ্ণা দ্বিতীয়া তিথি৷ তুলা ৰাশি এৰি কাইলৈ বৃশ্চিক ৰাশিত গোচৰ কৰিব সূৰ্যইয়ো৷ কাইলৈ নিশা ৯বাজি ৬ মিনিট পৰ্যন্ত দ্বিতীয়া আছে৷ তাৰপাছতেই কৃষ্ণা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ দ্বিপুষ্কৰ যোগ, শিৱ যোগ আৰু সিদ্ধ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনজুৰি প্ৰথমে ৰোহিনী আৰু পাছত মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ১৭ নৱেম্বৰ ২০২৪ লাভজনক দিন হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ ব্যৱসায়ত কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰাও কোনো বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ ব্যৱসায়ত বৃহৎ আৰ্থিক লাভৰ যোগ আছে৷ নিজৰ ব্যৱসায় আৰু বৃদ্ধি কৰিব পাৰে৷ কোনো নতুন পৰিকল্পনা লৈ আগবাঢ়িব পাৰে৷ নতুন চাকৰি লাভৰো যোগ আছে৷
সিংহ ৰাশি
কাইলৈ দেওবাৰে সূৰ্যদেৱৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰণ হ’ব সিংহ ৰাশিৰ জাতকৰ৷ কাইলৈ সকলো কামতে সৌভাগ্যক কাষত পাব আপুনি৷ ইয়াৰ ফলত আপোনাৰ কামত পথত অহা সকলো বাধা দূৰ হ’ব৷ বিনিয়োগৰ ফলত কাইলৈ দিনটো সিংহ ৰাশিৰ জাতকৰ বাবে শুভ হ’ব৷ কোনো প্ৰভাৱশালী ব্যক্তিক কাষত পাব আপুনি৷
তুলা ৰাশি
শিৱ যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভৱান হ’ব তুলা ৰাশিৰ জাতক৷ কাইলৈ বেছ আৰামেৰে দিনটো কটাব আপুনি৷ কামৰ সূত্ৰে বিদেশলৈকো যোৱাৰ সুযোগ আহিব৷ ষ্টক মাৰ্কেটত বিনিয়োগ কৰিলে লাভৱান হ’ব পাৰে৷ সমাজত কাইলৈ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব তুলা ৰাশিৰ জাতকৰ৷
ধনু ৰাশি
কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্রভাৱ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ কৰ্মক্ষেত্ৰত বৃহৎ কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰি আছে৷ কাইলৈ কৰ্মদক্ষতাৰে আপুনি সকলোৰে মন জয় কৰিব পাৰিব৷ সূৰ্যৰ আশীৰ্বাদত কাইলৈ নিজৰ সকলো কামেই সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল পাব৷ প্ৰেম জীৱনো ৰোমাণ্টিক ভাৱে কটাব পাৰিব ধনু ৰাশিৰ জাতকে৷
কুম্ভ ৰাশি
ৰোহিনী নক্ষত্ৰৰ শুভ প্রভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মাজত আত্মবিশ্বাস ভৰপুৰ থাকিব৷ সূৰ্যদেৱৰ কৃপাত কাইলৈ কৃষ্ণা দ্বিতীয়াত আপোনাৰ উপাৰ্জন বাঢ়িব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা থাকিলে কাইলৈ সমাধান হ’ব৷ কৰ্মক্ষেত্ৰত নতুন কামৰ দায়িত্ব পাব পাৰে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















