কাইলৈ ২৯ ডিচেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা চতুৰ্দশী তিথি৷ সোমবাৰে পুৱা ৪বাজি ১ মিনিট পৰ্যন্ত চতুৰ্দশী তিথি থাকিব৷ তাৰপাছতেই পুহ ৰ অমাবস্যা তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৃদ্ধি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে জ্যেষ্ঠা নক্ষত্ৰ আৰু পাছত মূলা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ বাবে নিৰ্দিষ্ট দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুথ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
কৰ্কট ৰাশি
২৯ ডিচেম্বৰ সৰ্বাৰ্থ সিদ্ধি যোগত দিনটো শুভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি সকলো কামতেই পজিটিভ ফলাফল পাব৷ ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে৷ এই সুখবৰ শুনাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছিল সেই খবৰেই লাভ কৰিব৷ ব্যৱসায়ীসকলে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব৷
কন্যা ৰাশি
কাইলৈ ধনু ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ চন্দ্ৰৰ শুভ প্ৰভাৱত কাইলৈ মানসিক শান্তি লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কোনো সমস্যা আপোনাৰ সন্মুখত আহিলে উত্তেজিত নহৈ ধৈৰ্য্য ধৰি তাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব৷ কাইলৈ কোনো নতুন সম্পত্তি কিনিব পাৰে৷ যি সম্পত্তি বহুদিন ধৰি বিক্ৰি কৰাৰ চেষ্টা কৰিছিল সেই কামতো কাইলৈ সফল হ’ব৷ প্ৰেম জীৱন ভালে কাটিব৷
বৃশ্চিক ৰাশি
কাইলৈ দিনটো নানান দিশৰ পৰা শুভ হ’ব৷ বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত কাইলৈ ভাল খবৰ আহিব৷ সূৰ্যদেৱৰ কৃপাত সকলো কামতেই উন্নতি কৰিব পাৰিব৷ ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ বন্ধ হৈ যোৱা কোনো ব্যৱসায়িক প্ৰকল্প কাইলৈ নতুনকৈ আৰম্ভ কৰিব পাৰিব৷ পিতৃ মাতৃক লৈ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ নিজৰ বিলাসিতাৰ কোনো দ্ৰব্য কাইলৈ আপুনি কিনিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ