কাইলৈ ৩১ আগষ্ট ২০২৫ দেওবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ শুক্লা অষ্টমী তিথি৷ কাইলৈ পালিত হ’ব ৰাধাষ্টমী৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৈধৃতিযোগ আৰু বিষকুম্ভ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অনুৰাধা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ৩১ আগষ্টত ৰাধাষ্টমী মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ দিন হব৷ আপোনাৰ বুদ্ধিত বিৰোধীসকল পৰাজিত হব৷ আইনী গোচৰত জয় পাব৷ পিতৃ আৰু মাতৃৰ সৈতে সম্পৰ্ক উন্নত হব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে৷ কাৰ্যালয়ত ভাল পৰিবেশ থাকিব৷
কন্যা ৰাশি
বৈধৃতি যোগৰ প্ৰভাৱত দেওবাৰে সকলো কামতে সাফল্য পাব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ীয়ে আৰ্থিক লাভ কৰিব পাৰে৷ ভায়েক বা ভনীয়েকৰ সৈতে সম্পৰ্ক পূৰ্বতকৈ উন্নত হব৷ ঘৰৰ সকলোৱে মিলি কোৱালিটি টাইম কটাব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আকৰ্ষণ বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াশুনাত থকা বাধা দূৰ হব৷
বৃশ্চিক ৰাশি
কাইলৈ বৈধৃতি যোগৰ শুভ প্ৰভাৱ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ পাবলগীয়া টকা এই সময়ত লাভ কৰিব৷ নিজৰ কথা আৰু আচৰণেৰে সকলোকে আকৰ্ষণ কৰিব পাৰিব৷ ব্যৱসায়ত উন্নতি কৰাৰ যোগ আছে৷ পঢ়াশুনাৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ অন্যৰ সহায় লাভ কৰিব৷ শহুৰেকৰ ঘৰৰ সৈত সম্পৰ্ক ভাল হব৷
মকৰ ৰাশি
সূৰ্যদেৱৰ কৃপা দেওবাৰে বৰ্ষিত হব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ সম্পত্তি লাভ কৰিব পাৰে৷ আৰ্থিক লাভৰ বাবে কাইলৈ দিনটো বিশেষভাৱে মঙ্গলজনক৷ সম্পত্তিত বিনিয়োগ কৰিলে আপুনি লাভৱান হব৷ ঘৰলৈ বিশেষ অতিথিৰ আগমন হব পাৰে৷ নতুন চাকৰিত ইণ্টাৰভিউৰ বাবে মাতিব পাৰে৷ দাম্পত্য জীৱনত সুখ বাঢ়িব৷
মীন ৰাশি
কাইলৈ ৩১ আগষ্টত লক্ষ্মীৰ আশীৰ্বাদত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ সমাজত আপোনাৰ খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব৷ স্বাস্থ্য সংক্ৰান্তিয় কোনো সমস্যা থাকিলে এইবাৰ তাৰ পৰা মুক্তি পাব৷ কোনো দামী দ্ৰব্য কিনিব পাৰে৷ অবিবাহিতসকলে বিবাহৰ কথা পাক্কা কৰিব পাৰে৷ সেই কাৰণেই ঘৰত সুখৰ পৰিবেশ থাকিব৷ সেই কাৰণেই ঘৰত সুখৰ পৰিবেশ থাকিব৷ বন্ধুৰ পৰা বিশেষ কোনো সাহায্য পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















