কাইলৈ ৪ জানুৱাৰী ২০২৬ দেওবাৰে চন্দ্ৰই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ পুহৰ কৃষ্ণা প্ৰতিপদ তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৈধৃতি যোগ আৰু বিষকুম্ভ যোগৰ প্রভাৱ৷ ইয়াৰ সৈতে কাইলৈ থাকিব ২০২৬চনৰ প্ৰথম ৰবিপুষ্য আৰু তাৰপিছত থাকিব পুনৰ্বাসু নক্ষত্ৰ আৰু পুষ্য নক্ষত্ৰৰ প্রবাৱ৷ এই সকলো যোগৰ প্রভাৱত আকইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ আপোনাৰ বাবে শুভ দিন হ’ব৷ জীৱনসংগীৰ সৈতে কাইলৈ খুবেই ভাল সময় কটাব৷ পৰিয়ালৰ সৈতেও কোৱালিটি টাইম কটাব পাৰিব মিথুন ৰাশিৰ জাতকে৷ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে কাইলৈ বিশেষ সাফল্য লাভ কৰিব৷ পিতৃ আৰু শিক্ষকৰ পৰা সহায় পাব৷ নতুন চাকৰি লাভ কৰিব পাৰে৷
সিংহ ৰাশি
কাইলৈ দিনটো আপোনাৰ বাবে দুৰ্দান্ত হব৷ নিজৰ মনৰ কথা খুলি প্ৰকাশ কৰিব পাৰিব৷ পৰিয়ালত দীৰ্ঘদিন ধৰি কোনো অশান্তি চলিলে তাৰ অৱসান হব পাৰে৷ ঘৰৰ প্ৰবীণসকলৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷ ভাতৃৰ সহায় লৈ কোনো দৰকাৰী কাম সম্পূৰ্ণ কৰিব পাৰিব৷
কন্যা ৰাশি
কাইলৈ সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত আপোনাৰ প্রভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷ কৰোবাত ধন বিনিয়োগ কৰিলে তাৰ পৰা আপোনাৰ লাভ হব৷ মনৰ কোনো দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ ধৰ্মীয় স্থানলৈ যাত্ৰা কৰিব পাৰে৷ হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে৷
ধনু ৰাশি
কাইলৈ ৪ জানুৱাৰীত পজিটিভ পৰিবৰ্তন আহিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জনৰ সুযোগ পাব৷ ইয়াৰোপৰি কাইলৈ ৰৈ থকা ধন উভতাই পাব৷ ইয়াৰ ফলত কাইলৈ নিজৰ বেংক বেলেন্স বহু পৰিমানে বাঢ়িব৷
মীন ৰাশি
কাইলৈ বৈধৃতি যোগৰ প্রভাৱত নিজৰ কেৰিয়াৰৰ পথত বহু উন্নতি কৰিব মীন ৰাশিৰ জাতকে৷ কাইলৈ সূৰ্যদেৱৰ আশীৰ্বাদত আপুনি বেছ কিছু অতিৰিক্ত ধন উপাৰ্জন কৰিব৷ ব্যৱসায়ৰ কোনো সমস্যা থাকিলে কাইলৈ সেয়া সমাধান হ’ব৷ বন্ধুৰ সৈতে নতুন কোনো পৰিকল্পনাৰ ওপৰত আপুনি কাম আৰম্ভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















