• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

2 months ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

8 minutes ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

15 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

16 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

16 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

17 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

17 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

18 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

18 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

19 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

19 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

20 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে, সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

editor by editor
January 21, 2026
in জীৱনশৈলী
0
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ
0
SHARES
494
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘ ২৭ বছৰীয়া বৰ্ণময় কৰ্মজীৱন আৰু মহাকাশ বিজ্ঞানত এটাৰ পাছত আনটো মাইলফলক স্পৰ্শ কৰাৰ পাছত অৱশেষত অৱসৰ ল’লে ভাৰতীয় বংশোদ্ভূত মাৰ্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছ৷ বিগত ২৭ ডিচেম্বৰত সুনীতা উইলিয়ামছে অৱসৰ লৈছে৷ এক বিবৃত্তি দি বুধবাৰে আনুষ্ঠানিক ঘোষণা কৰিছে নাছাই৷

নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে ভাৰতীয় বংশোদ্ভূত মাৰ্কিন মহাকাশচাৰীক মহাকাশ অভিযানৰ অগ্ৰদূত হিচাপে অভিহিত কৰি কৈছে, ‘সুনীতা উইলিয়ামছে মানৱ মহাকাশযানৰ ক্ষেত্ৰত এজন পথিকৃৎ, মহাকাশ ষ্টেচনত তেওঁৰ নেতৃত্বত অনুসন্ধানৰ ভৱিষ্যৎ গঠন হৈছে আৰু পৃথিৱীৰ কক্ষপথত বাণিজ্যিক মিছনৰ পথো প্ৰশস্ত হৈছে৷’ তেওঁ লগতে কয়, বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবে তেওঁৰ কাম চন্দ্ৰত আৰ্টেমিছ মিছন আৰু মঙ্গল গ্ৰহত অগ্ৰসৰ হোৱাৰ ভিত্থি স্থাপন কৰিছে৷ আৰু তেওঁৰ অসাধাৰণ সাফল্যই প্ৰজন্মক বহু সপোন দেখুৱাবলৈ আৰু যিমান পাৰি সিমান সীমনা ঠেলি আগুৱাবলৈ অনুপ্ৰাণিত কৰিব৷ আপোনাৰ প্ৰাপ্য অৱসৰৰ বাবে অভিনন্দন৷ আৰু নাছাই আমাৰ জাতিৰ প্ৰতি আপোনাৰ সেৱাৰ বাবে আপোনাক ধন্যবাদ৷’ জেৰেড আইজাকমেনে লগতে কয়, ‘বিজ্ঞান আৰু প্ৰযুক্তিত আপোনাৰ অৱদান চন্দ্ৰত আৰ্টেমিছ মিছন আৰু ভৱিষ্যতৰ মঙ্গল গ্ৰহত যাত্ৰাৰ ভিত্তিক শক্তিশালী কৰিছে৷’

সুনীতা উইলিয়ামছৰ বৰ্ণময় কৰ্মজীৱন

১৯৯৮ চনত নাছা কৰ্তৃক নিৰ্বাচিত সুনীতা উইলিয়ামছৰ তিনিটা মিছনত তেওঁ মুঠ ৬০৮ দিন মহাকাশত কটাইছে৷ যি নাছাৰ মহাকাশচাৰীৰ বাবে দ্বিতীয় সৰ্বোচ্চ ৰেকৰ্ড৷ তেওঁ আমেৰিকানসকলৰ মাজত দীৰ্ঘতম একক মহাকাশযাত্ৰাৰ বাবে ষষ্ঠ স্থানতো আছে৷ নভোচাৰী বুচ উইলমোৰৰ সৈতেও ২৮৬ দিন আন্তৰ্জাতিক মহাকাশ গৱেষণা কেন্দ্ৰত একেৰাহে আছিল৷

তেওঁৰ কৰ্মজীৱন,সুনীতা উইলিয়ামছে মুঠ ৬২ঘণ্টা ৬ মিনিট ধৰি ৯টা স্পেছৱাক সম্পন্ন কৰিছে৷ যিকোনো মহিলা মহাকাশচাৰীৰ সৰ্বোচ্চ আৰু নাছাৰ ইতিহাসত ই চতুৰ্থ সৰ্বোচ্চ৷ তেওঁ মহাকাশত মাৰাথন দৌৰা প্ৰথমগৰাকী ব্যক্তি৷ উইলিয়ামছে প্ৰথম ২০০৬ চনৰ ডিচেম্বৰত এক্সপিডিছন ১৪/১৫ ৰ অংশ হিচাপে স্পেছ ছেটল ডিছকভাৰিত উৰাও মাৰিছিল৷

তেওঁৰ দ্বিতীয় মিছন আৰম্ভ হয় ২০১২ চনৰ জুলাই মাহত যেতিয়া তেওঁ কাজাখাস্তানৰ পৰা এক্সপিডিছন ৩২/৩৩-ৰ বাবে যাত্ৰা কৰে আৰু পাছত স্পেছ ষ্টেচন কমাণ্ডাৰ হিচাপে দায়িত্ব পালন কৰে৷ তেওঁৰ শেষ মিছন আছিল ২০২৪ চনৰ জুনৰ বোয়িঙৰ ষ্টাৰলাইনাৰ হিচাপে৷ ইয়াৰপাছতেই তেওঁ এক্সপিডিছন ৭১/৭২ত যোগ দিয়ে আৰু ২০২৫ চনৰ মাৰ্চ মাহত পৃথিৱীলৈ উভতি অহাৰ পূৰ্বে আকৌ আই এছএছৰ কমাণ্ডাৰ হয়৷

সুনীতা উইলিয়ামছ তৃতীয় আৰু শেষবাৰ মহাকাশ অভিযানত গৈছিল ২০২৪ চনত৷ বোয়িং ষ্টাৰলাইনাৰৰ ১০ দিন মিছনত গৈ যান্ত্ৰিক ত্ৰুটিৰ কাৰণে তেওঁ মহাকাশত আৱদ্ধ হৈ পৰে প্ৰায় চাৰে ৯ মাহৰ বাবে৷ বিগত বৰ্ষৰ মাৰ্চ মাহত তেওঁ পৃথিৱীলৈ উভতি আহিছে৷

সুনীতাৰ শিঁপা ভাৰততে

মেছচুছেটছত জন্ম হ’লেও সুনীতা উইলিয়ামছৰ শিঁপা কিন্তু ভাৰতৰ গুজৰাটতে৷ তেওঁৰ পিতৃ গুজৰাটৰ মেহছানা জিলাত জন্মগ্ৰহণ কৰিছিল৷ তাৰপিছতেই তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যায় আৰু শ্লোভেনিয়ান বনিকক বিয়া কৰাই৷ পদাৰ্থবিজ্ঞানত স্নাতক কৰাৰ পাছত সুনীতাই ফ্লোৰিডা ইনষ্টিটিউট অফ টেকনোলজিৰ পৰা ইঞ্জিনিয়াৰিং মেনেজমেণ্টত স্নাতকোত্তৰ হয়৷ মাৰ্কিন নৌসেনাত যোগ দি ৪০ ধৰণৰ বিমানত ৪ হাজাৰ ঘণ্টাৰো বেছি সময় উৰণৰ অভিজ্ঞতাও সঞ্চয় কৰে৷

১৯৯৮ চনত নাছাত যুক্ত হোৱাৰ পাছত তেওঁৰ সফলতাৰ পথ প্ৰশস্ত হয়৷  তেওঁৰ কৰ্মজীৱনৰ কথা স্মৰণ কৰি সুনীতাই মহাকাশক তেওঁ প্ৰিয় স্থান বুলিও অভিহিত কৰি কয় যে চন্দ্ৰ আৰু মঙ্গলগ্ৰহৰ দিশত মানৱতাৰ পৰবৰ্তী পদক্ষেপত অবদান ৰাখিবলৈ পায় তেওঁ গৰ্বিত৷ নিজৰ অৱসৰৰ প্ৰসংগত তেওঁ হাঁহি হাঁহি কয়, ‘মই অৱশ্যেই মহাকাশলৈ যাব খোজো৷ কিন্তু মোৰ স্বামীয়ে বোধহয় মোক আৰু মহাকাশলৈ যাবলৈ এৰি নিদিব৷ এতিয়া সময় আহিছে নতুন প্ৰজন্মৰ হাতত দায়িত্ব তুলি দিয়াৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে
জীৱনশৈলী

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

April 1, 2026
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
জীৱনশৈলী

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

March 31, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.