• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

9 months ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

7 minutes ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

37 minutes ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

1 hour ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

2 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

3 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

4 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

4 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

5 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

22 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

23 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

24 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে, সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

editor by editor
January 21, 2026
in জীৱনশৈলী
0
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ
0
SHARES
503
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘ ২৭ বছৰীয়া বৰ্ণময় কৰ্মজীৱন আৰু মহাকাশ বিজ্ঞানত এটাৰ পাছত আনটো মাইলফলক স্পৰ্শ কৰাৰ পাছত অৱশেষত অৱসৰ ল’লে ভাৰতীয় বংশোদ্ভূত মাৰ্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছ৷ বিগত ২৭ ডিচেম্বৰত সুনীতা উইলিয়ামছে অৱসৰ লৈছে৷ এক বিবৃত্তি দি বুধবাৰে আনুষ্ঠানিক ঘোষণা কৰিছে নাছাই৷

নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে ভাৰতীয় বংশোদ্ভূত মাৰ্কিন মহাকাশচাৰীক মহাকাশ অভিযানৰ অগ্ৰদূত হিচাপে অভিহিত কৰি কৈছে, ‘সুনীতা উইলিয়ামছে মানৱ মহাকাশযানৰ ক্ষেত্ৰত এজন পথিকৃৎ, মহাকাশ ষ্টেচনত তেওঁৰ নেতৃত্বত অনুসন্ধানৰ ভৱিষ্যৎ গঠন হৈছে আৰু পৃথিৱীৰ কক্ষপথত বাণিজ্যিক মিছনৰ পথো প্ৰশস্ত হৈছে৷’ তেওঁ লগতে কয়, বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবে তেওঁৰ কাম চন্দ্ৰত আৰ্টেমিছ মিছন আৰু মঙ্গল গ্ৰহত অগ্ৰসৰ হোৱাৰ ভিত্থি স্থাপন কৰিছে৷ আৰু তেওঁৰ অসাধাৰণ সাফল্যই প্ৰজন্মক বহু সপোন দেখুৱাবলৈ আৰু যিমান পাৰি সিমান সীমনা ঠেলি আগুৱাবলৈ অনুপ্ৰাণিত কৰিব৷ আপোনাৰ প্ৰাপ্য অৱসৰৰ বাবে অভিনন্দন৷ আৰু নাছাই আমাৰ জাতিৰ প্ৰতি আপোনাৰ সেৱাৰ বাবে আপোনাক ধন্যবাদ৷’ জেৰেড আইজাকমেনে লগতে কয়, ‘বিজ্ঞান আৰু প্ৰযুক্তিত আপোনাৰ অৱদান চন্দ্ৰত আৰ্টেমিছ মিছন আৰু ভৱিষ্যতৰ মঙ্গল গ্ৰহত যাত্ৰাৰ ভিত্তিক শক্তিশালী কৰিছে৷’

সুনীতা উইলিয়ামছৰ বৰ্ণময় কৰ্মজীৱন

১৯৯৮ চনত নাছা কৰ্তৃক নিৰ্বাচিত সুনীতা উইলিয়ামছৰ তিনিটা মিছনত তেওঁ মুঠ ৬০৮ দিন মহাকাশত কটাইছে৷ যি নাছাৰ মহাকাশচাৰীৰ বাবে দ্বিতীয় সৰ্বোচ্চ ৰেকৰ্ড৷ তেওঁ আমেৰিকানসকলৰ মাজত দীৰ্ঘতম একক মহাকাশযাত্ৰাৰ বাবে ষষ্ঠ স্থানতো আছে৷ নভোচাৰী বুচ উইলমোৰৰ সৈতেও ২৮৬ দিন আন্তৰ্জাতিক মহাকাশ গৱেষণা কেন্দ্ৰত একেৰাহে আছিল৷

তেওঁৰ কৰ্মজীৱন,সুনীতা উইলিয়ামছে মুঠ ৬২ঘণ্টা ৬ মিনিট ধৰি ৯টা স্পেছৱাক সম্পন্ন কৰিছে৷ যিকোনো মহিলা মহাকাশচাৰীৰ সৰ্বোচ্চ আৰু নাছাৰ ইতিহাসত ই চতুৰ্থ সৰ্বোচ্চ৷ তেওঁ মহাকাশত মাৰাথন দৌৰা প্ৰথমগৰাকী ব্যক্তি৷ উইলিয়ামছে প্ৰথম ২০০৬ চনৰ ডিচেম্বৰত এক্সপিডিছন ১৪/১৫ ৰ অংশ হিচাপে স্পেছ ছেটল ডিছকভাৰিত উৰাও মাৰিছিল৷

তেওঁৰ দ্বিতীয় মিছন আৰম্ভ হয় ২০১২ চনৰ জুলাই মাহত যেতিয়া তেওঁ কাজাখাস্তানৰ পৰা এক্সপিডিছন ৩২/৩৩-ৰ বাবে যাত্ৰা কৰে আৰু পাছত স্পেছ ষ্টেচন কমাণ্ডাৰ হিচাপে দায়িত্ব পালন কৰে৷ তেওঁৰ শেষ মিছন আছিল ২০২৪ চনৰ জুনৰ বোয়িঙৰ ষ্টাৰলাইনাৰ হিচাপে৷ ইয়াৰপাছতেই তেওঁ এক্সপিডিছন ৭১/৭২ত যোগ দিয়ে আৰু ২০২৫ চনৰ মাৰ্চ মাহত পৃথিৱীলৈ উভতি অহাৰ পূৰ্বে আকৌ আই এছএছৰ কমাণ্ডাৰ হয়৷

সুনীতা উইলিয়ামছ তৃতীয় আৰু শেষবাৰ মহাকাশ অভিযানত গৈছিল ২০২৪ চনত৷ বোয়িং ষ্টাৰলাইনাৰৰ ১০ দিন মিছনত গৈ যান্ত্ৰিক ত্ৰুটিৰ কাৰণে তেওঁ মহাকাশত আৱদ্ধ হৈ পৰে প্ৰায় চাৰে ৯ মাহৰ বাবে৷ বিগত বৰ্ষৰ মাৰ্চ মাহত তেওঁ পৃথিৱীলৈ উভতি আহিছে৷

সুনীতাৰ শিঁপা ভাৰততে

মেছচুছেটছত জন্ম হ’লেও সুনীতা উইলিয়ামছৰ শিঁপা কিন্তু ভাৰতৰ গুজৰাটতে৷ তেওঁৰ পিতৃ গুজৰাটৰ মেহছানা জিলাত জন্মগ্ৰহণ কৰিছিল৷ তাৰপিছতেই তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যায় আৰু শ্লোভেনিয়ান বনিকক বিয়া কৰাই৷ পদাৰ্থবিজ্ঞানত স্নাতক কৰাৰ পাছত সুনীতাই ফ্লোৰিডা ইনষ্টিটিউট অফ টেকনোলজিৰ পৰা ইঞ্জিনিয়াৰিং মেনেজমেণ্টত স্নাতকোত্তৰ হয়৷ মাৰ্কিন নৌসেনাত যোগ দি ৪০ ধৰণৰ বিমানত ৪ হাজাৰ ঘণ্টাৰো বেছি সময় উৰণৰ অভিজ্ঞতাও সঞ্চয় কৰে৷

১৯৯৮ চনত নাছাত যুক্ত হোৱাৰ পাছত তেওঁৰ সফলতাৰ পথ প্ৰশস্ত হয়৷  তেওঁৰ কৰ্মজীৱনৰ কথা স্মৰণ কৰি সুনীতাই মহাকাশক তেওঁ প্ৰিয় স্থান বুলিও অভিহিত কৰি কয় যে চন্দ্ৰ আৰু মঙ্গলগ্ৰহৰ দিশত মানৱতাৰ পৰবৰ্তী পদক্ষেপত অবদান ৰাখিবলৈ পায় তেওঁ গৰ্বিত৷ নিজৰ অৱসৰৰ প্ৰসংগত তেওঁ হাঁহি হাঁহি কয়, ‘মই অৱশ্যেই মহাকাশলৈ যাব খোজো৷ কিন্তু মোৰ স্বামীয়ে বোধহয় মোক আৰু মহাকাশলৈ যাবলৈ এৰি নিদিব৷ এতিয়া সময় আহিছে নতুন প্ৰজন্মৰ হাতত দায়িত্ব তুলি দিয়াৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ
ভাৰত

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

October 30, 2026
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.