লকডাউনৰ মাজতে মুম্বাই ত্যাগ কৰিছিল আবেদনময়ী অভিনেত্ৰী ছানী লিয়নীয়ে৷ লছএঞ্জেলছত থকা স্বামী আৰু তিনি সন্তানৰ ওচৰত এক ৰাতিতে উপস্থিত হৈছিলগৈ অভিনেত্ৰীগৰাকী৷ ভাৰতৰ পৰা গৈয়ে হোম কোৱাৰেণ্টাইনত থাকিবলগীয়া হোৱা ছানীয়ে ক’ৰোনাৰ ভয়তে ভাৰত এৰি আমেৰিকাত উপস্থিত হোৱা বুলি বিভিন্ন মহলত সন্দেহ উদ্ৰেক হৈছিল৷ সম্প্ৰতি এক সাক্ষাৎকাৰত ছানীয়ে স্পষ্ট কৰি দিছে ক’ৰোনাৰ ভয়ত নহয়, পৰিয়ালৰ তাড়নাৰ বাবেহে মুম্বাই এৰিছিল৷ লছএঞ্জেলছত থকা স্বামী আৰু তিনি সন্তানক এনে সংকটৰ সময় দিয়াতো জৰুৰী বুলি ভাবিছিল অভিনেত্ৰীগৰাকীয়ে৷ আন্তর্জাতিক বিমান চলাচল কৰিলেই পুনৰ ভাৰতলৈ আহিবলৈ ইচ্ছা ব্যক্ত কৰে সাক্ষাৎকাৰটিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ