তেওঁ সদ্য দেশৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে৷ CIJ হৈ থকাৰ সময়ত একাধিক গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দিছে ডি ৱাই চন্দ্ৰচূড়ে৷ নাম, যশ, খ্যাতি, প্ৰতিপত্তি একোৰেই অভাৱ নাই তেওঁৰ জীৱনত৷ কিন্তু চন্দ্ৰচূড়ৰ ব্যক্তিগত জীৱনৰ কথা খুব কম মানুহেহে জানে৷ কেৱল ন্যায়াধীশ হিচাপেই নহয়, পিতৃ হিচাপেও তেওঁ আজীৱন সেৱা আগবঢ়াই যাব লাগিব সন্তানক সেই কথা শেহতীয়াকৈ খুবেই ভাইৰেল হৈছে৷ সকলোবোৰৰ মাজতো কিয় এক অসুখী মন কঢ়িয়াই ফুৰে চন্দ্ৰচূড়ে? জানক চন্দ্ৰচূড়ৰ জীৱনৰ এক অলিখিত অধ্যায়ৰ কথা৷
দুগৰাকী কন্যা সন্তানৰ পিতৃ চন্দ্ৰচূড়
সম্প্ৰতি নিজৰ দুগৰাকী কন্যা সন্তান থকাৰ কথা নিজেই জনাইছে চন্দ্ৰচুড়ে৷ বহুতেই জনাইছে যে চন্দ্ৰচুড়ৰ দুই কন্যা বিশেষভাৱে সক্ষম৷ অন্য শিশুৰ দৰে তেওঁলোক নহয়৷ দুই কন্যাই বিশেষভাৱে সক্ষন হোৱাৰ বাবে পিতৃৃ-মাতৃৰে বহু কষ্টেৰে ডাঙৰ কৰিছে দুই কন্যাক৷ দুই কন্যাৰ কথা ক’বলৈ গৈ কান্দোনে ডিঙি হেঁচি ধৰিছে কঠোৰ যেন লগা চন্দ্ৰচুড়ৰো৷ তেওঁ কয়, ‘উত্তৰাখণ্ডত মোৰ দুই কন্যাৰ জন্ম৷ জন্মতেই দুয়ো নিমোলিয়ান মায়োপেথি নামৰ এক জেনেটিক ৰোগত আক্ৰান্ত৷ জন্মৰ পৰাই এই সমস্যা আছে৷ সেই সময়ত এই দেশত এই ৰোগ পৰীক্ষা কৰাৰ বাবেও কোনো ব্যৱস্থা নাছিল৷’
ইয়াৰোপৰি প্ৰাক্তন CIJ চন্দ্ৰচূড়ে কয়, ‘এনাস্থেচিয়া নিদিয়াকৈ মোৰ কন্যাৰ শৰীৰ কাটি টিছু লৈ সেই সময়ত তেওঁলোকৰ ৰোগৰ পৰীক্ষা কৰা হৈছিল৷ লক্ষ্ণৌত এই পৰীক্ষা হৈছিল৷ প্ৰথমে মোৰ ডাঙৰ কন্যা তাৰপিছত সৰু কন্যাৰ এই পৰীক্ষা কৰা হয়৷ এই টেষ্ট ইমানেই যন্ত্ৰণাদায়ক আছিল যে মোৰ ডাঙৰ কন্যাই কৈছিল যে সৰু ভণ্টীক এই পৰীক্ষা নকৰাব৷’
ইয়াৰপাছতেই কন্যাৰ পঢ়াশুনাক লৈ প্ৰচুৰ সমস্যা হৈছিল চন্দ্ৰচূড়ৰ৷ তেওঁ কয়, ২০১৪ চনত উত্তৰাখণ্ডত বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে কোনো বিদ্যালয় নাছিল৷ তাৰপাছতেই দুই কন্যাক এলাহবাদলৈ লৈ আহো৷ ইয়াৰপাছতেই সেই স্কুলে জনাই যে মোৰ দুই কন্যা জেনেটিক ৰোগতহে আক্ৰান্ত৷ সাধাৰণ বিদ্যালয়তে তেওঁলোকে পঢ়িব পাৰিব৷ ইয়াৰপাছতেই আকৌ আৰম্ভ হয় স্কুলৰ সন্ধান৷ বহু বিচাৰখোছাৰ কৰি কন্যাৰ বাবে মোৰ এখন বিদ্যালয় পছন্দ হয়৷ সাধাৰণ বিদ্যালয়ত বিশেষভাৱে সক্ষম শিশুৰ বাবে যি যি পৰিকাঠামোৰ দৰকাৰ সেইসমূহ নাথাকে৷ তেওঁলোকৰ সন্তানে চায়েন্স লেবলৈ যাব খুজিলেও যাব নোৱাৰে৷ কাৰণ তাত লিফ্ট নাই৷ খেলাধুলাৰ পৰা আৰম্ভ কৰি নাটক, যুক্তিতৰ্ক কোনো এটাতেই মোৰ কন্যাই অংশগ্ৰহণ কৰিব নোৱাৰে৷’
এই যুঁজৰ পাছত অৱশ্যে চন্দ্ৰচূড়ৰ দুই কন্যা পিছপৰি ৰোৱা নাই৷ তেওঁলোকৰ মূল্যবোধৰ কাষত হাৰ মানিবলৈ বাধ্য অক্ষমতা৷ কভিড কালৰ এক ঘটনা শ্বেয়াৰ কৰি ছুপ্ৰিম কৰ্টৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে কয়, ‘এবাৰ ক্লাছ চলি থকাৰ সময়ত কাঠ কটাৰ শব্দ শুনা পায় মোৰ কন্যা মাহিয়ে৷ শিক্ষকৰ অনুমতি লৈ বাহিৰলৈ গৈ গছ কটা দেখা পায়৷ লগে লগেই কাঠ কটিয়াকেইগৰাকীক বাধা দিয়ে৷ গছ কটাৰ চেষ্টা নকৰিব৷ বহুতৰে বাবে এই গছজোপাই এখন ঘৰ৷ চৰাইসমূহ গছতেই থাকে৷ গছ নাথাকিলে চৰাইবোৰ কলৈ যাব?’
এই ঘটনা শ্বেয়াৰ কৰাৰ পাছতেই কিছু আৱেগপ্ৰৱণ হৈ পৰে চন্দ্ৰচুড়৷ তেওঁ কয়, ‘বিশেষভাৱে সক্ষম হ’লেও তেওঁলোকেও মানুহক সলনি কৰিব পাৰিব৷ তেওঁলোকে অন্য শিশুৰ দৰেই একেই৷ তেওঁলোকেও জীৱনত কিছু সফল কাম কৰি দেখুৱাব পাৰে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















