বিগত ১২ জুলাইত মুকেশ আম্বানীৰ কনিষ্ঠ সন্তান অনন্ত আম্বানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৰাধিকা মাৰ্চেণ্ট৷ অনন্ত-ৰাধিকাৰ বিয়াৰ চৰ্চা ক’ত হোৱা নাছিল৷ বিয়াৰ ৪মাহৰ পাছত আকৌ ভাইৰেল হৈছিল আন এক বিষয়৷ আম্বানী পৰিয়াললৈ আহিছে নতুন অতিথি৷ অতি শীঘ্ৰেই মাতৃ হৈছে ৰাধিকা মাৰ্চেণ্ট? পিতৃ হ’ব ওলাইছে অনন্ত আম্বানী৷ বেছ কিছুদিন পূৰ্বৰে পৰাই এই চৰ্চা ছচিয়েল মিডিয়াত চলি আছে৷
বলীউডৰ ভিতৰুৱা খবৰ অনুসৰি ফেব্ৰুৱাৰীতেই ভূমিষ্ঠ হ’ব অনন্ত ৰাধিকাৰ সন্তান৷ যদিও আম্বানী পৰিয়ালৰ তৰফৰ পৰা এতিয়াও এই কথা নিশ্চিত কৰা হোৱা নাই৷ বহুতেই আকৌ এই খবৰ ভুৱা বুলি দাবী কৰিছে৷ এই চৰ্চাৰ মাজতেই আকৌ এবাৰ শিৰোনাম দখল কৰিছে ৰাধিকাই৷ বিয়াৰ পাছত এইবাৰ প্ৰথমবাৰ নিজৰ নাম সলনি কৰি পেলাইছে আম্বানী পৰিয়ালৰ সৰু বোৱাৰীয়েকে৷ সামাজিক মাধ্যমত নিজৰ নাম ৰাধিকা মাৰ্চেণ্টৰ সলনি ৰাধিকা আম্বানী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ