অসম লাইভ২৪ঃ আজিৰ পৰা আৰম্ভ হ’ল অসমীয়াৰ নতুন বছৰ। ১৪৩০ চনৰ পাছত আজি প্ৰথম ব’হাগৰ পৰা আৰম্ভ হ’ল অসমীয়াৰ নতুন বছৰ১৪৩১। এইবাৰ মেষ ৰাশিত সূৰ্যৰ প্ৰৱেশেৰে আৰম্ভ হৈছে ব’হাগ মাহ। ইয়াৰোপৰি এই সময়ত শনিয়ে অৱস্থান কৰিছে কুম্ভ ৰাশিত। মীন ৰাশিত অৱস্থান কৰিছে বুধে। জানি লওক জ্যোতিষ গণনা অনুসৰি ব’হাগ মাহত কোন কোন ৰাশিৰ জাতকে সৌভাগ্য লাভ কৰিব?
মেষ ৰাশি
ব’হাগ মাহত সৌভাগ্যৰ শিখৰত অৱস্থান কৰিব মেষ ৰাশিৰ জাতকে। আপুনি মেষ ৰাশিৰ জাতক হ’লে ব’হাগ মাহত নতুন ঘৰ বা বাহন ক্ৰয়ৰ সপোন পূৰণ হ’ব। এই সময়ত মেষ ৰাশিত শুভ অৱস্থানত আছে বৃহস্পতি। দেৱগুৰুৰ শুভ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব আপুনি। ব’হাগৰ প্ৰথম সময়খিনি ভাল ধৰণে পাৰ হ’ব আপোনাৰ।
মিথুন ৰাশি
নতুন ঘৰ, বাহন ক্ৰয়ৰ সপোন দেখিলে সফল হ’ব আপুনি। কিছু আৰ্থিক কষ্টৰ মাজত আছে আপুনি। সেই সময়ত বিভিন্ন গ্ৰহৰ শুভ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব আপোনাৰ। কৰ্মক্ষেত্ৰত এই সময়ত উন্নতিৰ যোগ আছে। দৰমহা বৃদ্ধি হ’ব পাৰে।
কন্যা ৰাশি
ব’হাগ মাহত কামৰ প্ৰতি উত্সাহ আৰু উদ্যম বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ। নিজৰ পৰিশ্ৰম আৰু বুদ্ধিৰ জোৰত বছৰৰ আৰম্ভণিৰ মাহতেই বৃহত্ কোনো সাফল্য অৰ্জন কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা অৰ্থলাভ কৰাৰ যোগ আছে। কেৰিয়াৰত উন্নতি কৰিব পাৰিব। বিশেষকৈ যিসকলে গৱেষণাৰ কামত যুক্ত হৈ আছে তেঁওলোকে বিশেষ সাফল্য় লাভ কৰিব।
তুলা ৰাশি
১৪৩১বৰ্ষৰ প্ৰথম মাহত সাফল্যৰ শীৰ্ষত থাকিব তুলা ৰাশিৰ জাতক। এই সময়ত নিজৰ স্থাৱৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পাব। সমগ্ৰ মাহ ভালধৰণেই পাৰ হ’ব আপোনাৰ। এই মাহত নতুন বাহন ক্ৰয়ৰ সপোন পূৰণ হ’ব আপোনাৰ। আপুনি তুলা ৰাশিৰ জাতক হ’লে বহাগ মাহ আপোনাৰ বাবে শুভ। কামৰ বাবে বিদেশলৈকো যাত্ৰা কৰাৰ যোগ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ