কামাখ্যাৰ বুকুত অবৈধ দখল, সূৰ্যপাহাৰ হ’লগৈ কুদৰতপুৰ, কৰ পৰা আহিল ৩০০ পৰিয়াল?
কামাখ্যা মন্দিৰৰ কাষয়ে থকা সূৰ্য পাহাৰ এতিয়া অবৈধ লোকৰ দখলত। সূৰ্যপাহাৰৰ বুকুত এতিয়া মিঞাৰ দপদপনি। আনকি সূৰ্যপাহাৰৰ নাম সলাই কুদৰতপুৰ নামাকৰণ কৰি সাজিলে মছজিদো।
এঘৰ-দুঘৰ নহয় ৩০০ ৰো অধিক অবৈধ পৰিয়ালে এতিয়া দখল কৰিছে সূৰ্য পাহাৰ। মছজিত নিৰ্মাণ, মাদ্ৰাছা স্থাপন, পাহাৰ খান্দি পথ নিৰ্মাণ, বহু ঘৰ নিৰ্মাণ অবৈধ পৰিয়াল কেইটাৰ। সূৰ্য পাহাৰ এতিয়া কুদৰতপুৰ হৈ সম্পূৰ্ণ নিজৰ দখলত মিঞা পৰিয়াল কেইটাৰ।
প্ৰকাশ পাইছে বহু গোপন ফটো। সেই ফটো ভিডিঅ প্ৰকাশৰ পাছতে এতিয়া সষ্টম হৈ উঠিছ প্ৰশাসন। যাৰ বাবে গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰত চলিব উচ্ছেদ অভিযান।
এফালৰ পলা বুলড’জাৰ চলাই ভাঙি পেলোৱা হ’ব ঘৰ-দুৱাৰ, মছজিদ-মাদ্ৰাছা আদি। বেদখলকাৰীক ৭দিনৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে। ৭ দিনলৈ সেই স্থান ত্যাগ নকৰিলে এফালৰ পৰা সকলো ভাঙি যাব প্ৰশাসনে।
গুৱাহাটী মহানগৰীৰ এই অঞ্চলৰ পৰা দেখা যায় শৰাইঘাট দলং, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম, গুৱাহাটীৰ এটা বৃহৎ অংশ। যি ঠাই এটা সময়ত খালী হৈ আছিল, এতিয়া সেই অঞ্চলত ৩০০ৰো অধিক অবৈধ পৰিয়াল।
প্ৰশাসনৰ লোকে জানিবলৈ দিয়া অনুসৰি, কেৱল আদিংগিৰি সূৰ্য পাহাৰেই নহয়, ভূতনাথৰ জলাশয়তো চলিব উচ্ছেদ অভিযান। চক্ৰ বিষয়াৰ পৰিদৰ্শনৰ পিছতে বন বিভাগে জাৰি কৰিলে জাননী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















