অসম লাইভ২৪ঃ চলিত টি-২০ বিশ্বকাপত ভাৰতীয় দলটো ছেমিফাইলেনৰ পৰাই বাহিৰ হৈছে। ভাৰতীয় দলটোৱে ইংলেণ্ডৰ সৈতে ছেমিফাইনেলত নমাৰ পূৰ্বে ভাৰতীয় ১১ জ্যোতিষীয়ে খেলখন কি হ’ব সেই সম্পৰ্কে ভৱিষ্যতবাণীও কৰিছিল। পিছে জ্যোতিষীয়ে কৰা ভৱিষ্যতবাণী কিমান দূৰ সঁচা হ’ল?
প্ৰথমগৰাকী জ্যোতিষীয়ে কৈছিল গনেশৰ অৱস্থিতি চাই টীম ব্লুৱে কিছু সমস্যাৰে মোকাবিলা কৰিব লাগিব৷ খেলত নমাৰ পূৰ্বেই ভালধৰণে নিজকে প্ৰস্তুত কৰি নামিব লাগিব৷ অৱশ্যে খেলৰ আৰম্ভনি জটিল হ’লেও ফলাফল ভাৰতৰ পক্ষতেই আহিব৷
আনহাতে ইংলেণ্ডৰ দলটোৱে প্ৰচুৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিব৷ কিন্তু অযথাকৈ সময় কটাব ফলাফল ভাৰতীয় দলটোৰ পক্ষতেই আহিব৷ ১৪০ কোটি ভাৰতীয় আশা কৰা ধৰণেই ফলাফল ভাৰতৰ পক্ষত হ’ব৷ বিশ্বকাপ ভাৰতৰ হাতলৈকে আহিব বুলি ভৱিষ্যতবাণী কৰিছিল ১১ জ্যোতিষীয়ে৷
উল্লেখ্য যে ইতিমধ্যে ভাৰতীয় দলটোৱে টী-২০ৰ ছেমিফাইনেলৰ পৰাই ইনিংচ সামৰি অষ্ট্ৰেলিয়া এৰিছে৷ জ্যোতিষীয়ে দাবী কৰাধৰণে কোনো ফলাফলেই দেখুৱাব নোৱাৰিলে ভাৰতীয় দলে৷ তাৰপাছতেই নেট মাধ্যমত ১১ জ্যোতিষীৰ চৰ্চা৷ ভুৱা আশা কিয় দিছে জনতাক? জ্যোতিষীয়ে দাবী কৰাধৰণে একোৱেই ফলাফল কিয় দেখুৱাব নোৱাৰিলে দলটোৱে আদি একাধিক প্ৰশ্ন কৰিছে ক্ৰিকেট অনুৰাগীয়ে৷ অৱশ্যে ভাৰতীয় দলটোৰ পৰাজয়ৰ পাছত আৰু কোনোধৰণৰ মন্তব্য কৰা নাই ১১ জ্যোতিষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ