অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেঙ্কটেশ্বৰ মন্দিৰৰ কোনো কামতেই আৰু নিযুক্ত থাকিব নোৱাৰিব কোনো মুছলমান বা অন্য ধৰ্মৰ লোক৷ সোমবাৰে মন্দিৰ পৰিচালনা সমিতিয়ে তিৰুমালা তিৰুপতি দেৱস্থানমে এই প্ৰস্তাৱ পাছ কৰিছে প্ৰস্তাৱত স্পষ্টকৈ কোৱা হৈছে, মন্দিৰত অ হিন্দু যিসকল কৰ্মচাৰী আছে তেওঁলোকে স্বেচ্ছাই অৱসৰ ল’ব পাৰে অন্যথা তেওঁলোকক অন্য দফতৰলৈ বদলি কৰি দিয়া হ’ব৷
প্ৰস্তাৱ পাছ কৰোৱাক লৈ স্পষ্ট মন্তব্যও দিছে মন্দিৰ পৰিচালন সমিতিৰ চেয়াৰমেনে৷ বৰ্তমান সেই মন্দিৰত কিমানজন অহিন্দু কৰ্মচাৰী আছে সেয়া অৱশ্যে স্পষ্ট নহয়৷ এক সূত্ৰৰ দাবী যে মন্দিৰৰ দৈনন্দিন আৰু প্ৰশাসনিক কামৰ বাবে ৭হাজাৰ স্থায়ী কৰ্মচাৰী আছে৷ এই কৰ্মচাৰীসকলৰ মাজত অন্তত ৩০০ জনমান অহিন্দু৷ স্থায়ী কৰ্মীৰ বাহিৰেও এই মন্দিৰত আছে প্ৰায় ১৪ হাজাৰ অস্থায়ী কৰ্মী৷
মন্দিৰ কৰ্তৃপক্ষৰ এই সিদ্ধান্তক স্বাগত জনাইছে অধিকাংশ কৰ্মচাৰী সংগঠনেও৷ তেওঁলোকৰ মতেও এই মন্দিৰ কেৱল হিন্দুসকলৰ দ্বাৰাই পৰিচালনা হোৱা উচিত৷ ইয়াৰোপৰি পূৰ্বেও জনোৱা হৈছে যে মন্দিৰৰ পৰিচালনাৰ বাবে কেৱল হিন্দুৱেই নিয়োগ হওক৷ ইয়াৰ পূৰ্বেও বহুবাৰ অ-হিন্দু কৰ্মচাৰী নিযুক্ত হোৱাক লৈ বিতৰ্ক হৈছে৷ চন্দ্ৰবাবু নাইডু ক্ষমতালৈ অহাৰ পাছত মন্দিৰৰ বহু নিয়মৰেই সালসলনি হ’ব ধৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ