ইছলাম ধৰ্মক অপমান কৰাৰ অপৰাধত তালিবানে গ্ৰেপ্তাৰ কৰিছে আফগানৰ জনপ্ৰিয় মডেল আজমল হাকিকীক। আন এগৰাকী মডেল গোলাম সাখীৰ লগতে আজমলৰ তিনি সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে।
তালিবান চৰকাৰৰ চোৰাংচোৱা সঞ্চালকালয়ৰ এক বিবৃতিত কোৱা হৈছে যে কোৰানক অপমান কৰাৰ অপৰাধত মঙলবাৰে আটক কৰা লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে।
তালিবানৰ সূত্ৰ অনুসৰি কিছুদিন পূৰ্বে আজমল আৰু সাখীৰ বিৰুদ্ধে ইন্টাৰনেটত হাস্যকৰভাৱে কোৰান পঢ়াৰ অভিযোগ উত্থাপন কৰা হৈছিল।
লগতে পঢ়ক হোমৱৰ্ক নকৰাৰ শাস্তি পাষাণ মাতৃৰ! হাত-ভৰি বান্ধি প্ৰচণ্ড গৰমত ছাদ থৈ শিশু কন্যাক শাস্তি!
পিছত দুয়োজনে এই ঘটনাৰ বাবে ক্ষমা খুজি এক বিবৃতিত কয় যে তেওঁলোকৰ কোৰান বা ইছলামক অপমান কৰাৰ কোনো উদ্দেশ্য নাই। তেওঁলোকৰ এই কাৰ্যই কাৰোবাৰ ধৰ্মীয় আৱেগত আঘাত কৰাৰ বাবে ক্ষমা বিচাৰে।
আফগান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই কাণ্ডৰ পিছতে মানসিক হতাশাত ভুগিছে মডেলকেইগৰাকীয়ে।
প্ৰসংগক্ৰমে উল্লেখনীয় যে তালিবান শাসিত আফগানিস্তানত আল্লা বা ধৰ্মক নিন্দা কৰি দোষী সাব্যস্ত হ’লে মৃত্যুদণ্ড দিয়াৰ বিধানো আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ