দিল্লীৰ এটা ভাইৰেল ভিডিঅ’ৱে দেশজুৰি চাঞ্চ্যৰ সৃষ্টি কৰিছে৷ ভিডিঅ’টো দেখা গৈছে যে এজনী কণমাণি কন্যাক ছাদৰ ওপৰত প্ৰচণ্ড গৰমত বান্ধি থোৱা হৈছে৷
হাত-ভৰি বান্ধি থোৱা অকণি ছোৱালীজনীয়ে কান্দি থকা গৈছে৷ ৰ’দত হাত ভৰি বান্ধি ছাদত এইদৰে কন্যা শিশুটিৰ ওপৰত চলোৱা উৎপীড়নৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে দিল্লী আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷
আৰক্ষীয়ে ভিডিঅ’টো কৰোৱাল নগৰ অঞ্চলৰ বুলি তথ্য লাভ কৰিছিল যদিও সেই অঞ্চলত তদন্ত কালত আৰক্ষীয়ে ভিডিঅ’টো কৰোৱাল নগৰৰ বুলি প্ৰমাণিক তথ্য লাভ নকৰিলে বুলি প্ৰকাশ কৰিছে।
লগতে পঢ়ক কাটিলে তেজ ওলোৱা এবিধ বিশেষ গছ? ইয়াৰ নাম কি আৰু ক’ত পোৱা যায়?
অৱশ্যে পিছত আৰক্ষীয়ে ভিডিঅ’টো ভিডিঅ’টো টুকমিৰপুৰৰ ২ নম্বৰ পথৰ বুলি তথ্য লাভ কৰে।
শিশুটিৰ মাকে আৰক্ষীক জনোৱা মতে, শিশুটিয়ে স্কুলৰ হোমৱৰ্ক নকৰাৰ বাবে ৫ৰ পৰা ৭ মিনিট এইদৰে শাস্তি প্ৰদান কৰি পুনৰ শিশুটিক ছাদৰ পৰা নমাই আনিছিল। এক টুইটযোগে আৰক্ষীয়ে কয় যে এই ঘটনাটো সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
লগতে পঢ়ক পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে এই দানৱীয় কাণ্ডটোক সামাজিক মাধ্যমত বিভিন্ন লোকে তীব্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছে৷
যিটো সময়ত দিল্লীৰ তাপমান প্ৰাপ্ত বয়স্ক লোকে সহ্য কৰিব পৰা নাই সেইটো সময়ত এটি কণমানি কন্যা শিশুক হাত ভৰি বান্ধি ছাদৰ ওপৰত শাস্তি প্ৰদান কৰা মাতৃগৰাকীক পাষাণ হৃদয়ৰ গৰাকী বুলি বিভিন্ন লোকে মন্তব্য কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ