আজি এজোপা বিশেষ গছৰ বিষয়ে ক’বলৈ আগবাঢ়িছো৷ যিজোপা গছক পৃথিৱীৰ এজোপা বিশেষ গছ হিচাপে চিহ্নিত কৰা হৈছে৷ এই বিশে৷ গছজোপা য়েমেনত পোৱা যায়৷
যদি এই বিশেষ গছডালক কটা হয়, তেন্তে মানুহৰ তেজৰ দৰে ইয়াৰ পৰা ৰঙা তৰল পদাৰ্থ ওলাই আহে। এই বিশেষ গছবিধৰ নাম হৈছে ড্ৰেগন ব্লাড ট্ৰি।
গৰমৰ দিনত ইয়াৰ উচ্চতা অধিক বৃদ্ধি হোৱা দেখা যায়। সকলোৱে জানি আচৰিত হ’ব যে ইয়াৰ জীৱনকাল ৬৫০ বছৰৰ পৰ্যন্ত হ’ব পাৰে।
লগতে পঢ়ক কাইলৈ হিমন্ত বিশ্বৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! কোন দুই বিধায়কে লাভ কৰিব মন্ত্ৰীত্ব?
ইয়াৰ আকৃতি এটা মেলি থোৱা ছাতিৰ দৰে। এই গছৰ বাকলি কাটি দিয়াৰ পিছত, তেজৰ দৰে ৰঙা ৰঙৰ পদাৰ্থ ওলাই আহে, যাৰ বাবে ইয়াক ব্লাড ট্ৰি বুলি কোৱা হয়।
এই দৃশ্য দেখি সকলোৱে কৈছে যেন গছজোপাই তেজৰ চকুপানী উলিয়াই কান্দি আছে। সাধাৰণতে গছ কাটিলে গছৰ পৰা এক স্বচ্ছ বা বগা ৰসৰ দৰে পদাৰ্থ ওলায়।
গছজোপাৰ পৰা ওলোৱা ৰঙা পদার্থবিধক অতি উপকাৰী বুলি গণ্য কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ