এটা বছৰৰ পিছত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰীসভাৰ প্ৰথমবাৰলৈ সম্প্ৰসাৰণ কৰা হ’ব৷
শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰাৰ কথা৷ উল্লেখ্য যে প্ৰথমাৱস্থাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মন্ত্ৰীসভাৰ বৃহৎ সম্প্ৰসাৰণ হ’ব বুলি চৰ্চা লাভ কৰিছিল যদিও বাস্তৱক্ষেত্ৰত সেয়া হৈ নুঠিব৷
দিল্লীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মন্ত্ৰীসভাখন বৃহৎ সম্প্ৰসাৰণৰ পৰিৱৰ্তে সামান্য সম্প্ৰসাৰণৰ অনুমোদন জনাই দপ্তৰ ৰদ বদল কৰাৰ নিৰ্দেশ দিয়া বুলিহে জানিব পৰা গৈছে৷
লগতে পঢ়ক গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?
সেই অৰ্থত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মন্ত্ৰীসভাৰ সামান্য সম্প্ৰসাৰণ আৰু বৃহৎ ৰদ বদল হ’ব বুলিহে ক’ব পাৰি৷
ইতিমধ্যে মাত্ৰ দুজন নতুন মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে দিল্লীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সেউজ সংকেত দিছে৷ অৱশ্যে কিছুসংখ্যক মন্ত্ৰীৰ দপ্তৰ কৰ্তন কৰিলেও কোনো মন্ত্ৰীৰ মন্ত্ৰীত্ব কৰ্তন কৰা হ’ব নে নহয় সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই৷
ইফালে কাৰ্বি পাহাৰ এগৰাকী বিধায়ক বীৰেণ ছিং ইংতিক মন্ত্ৰীত্ব প্ৰদান কৰা হ’ব বুলি চৰ্চা লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ডিমা হাছাওৰ নন্দিতা গাৰ্ছোলাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন কৰা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷
লগতে পঢ়ক চিকিৎসা বিজ্ঞানৰ ঐতিহাসিক সাফল্য! ‘ঔষধে কেঞ্চাৰ ৰোগ নিৰাময় কৰে!’
ইতিমধ্যে শুকুৰবাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাতো প্ৰায় খাটাং হৈ পৰা বুলি জানিব পৰা গৈছে৷ সংবাদ সংস্থা এনআইএ-এ প্ৰকাশ কৰা মতে শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰত বিয়লি প্ৰায় ৩ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা দুগৰাকী নতুন মন্ত্ৰীক শপতবাক্য পাঠ কৰিব। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই এই তথ্য প্ৰকাশ কৰিছে।
অৱশ্যে কাইলৈ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া দুই বিধায়কৰ নাম উল্লেখ কৰা নাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাহাৰীয়া জিলাৰ দুজন বিধায়কক কেবিনেটত স্থান দিয়া হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ