পাকিস্তানৰ সংখ্যালঘু জনগোষ্ঠীৰ উপাসনাস্থলীৰ বিৰুদ্ধে শেহতীয়াকৈ কৰা আক্ৰমণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বুধবাৰে পাকিস্তানৰ কৰাচীৰ ওৰাংগী অঞ্চলত এটা হিন্দু মন্দিৰ আক্ৰমণ কৰি ধ্বংসস্তুপত পৰিণত কৰা হৈছে।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কৰাচীৰ কোৰাংগী অঞ্চলৰ শ্ৰী মাৰি মাতা মন্দিৰত আক্ৰমণ কৰি ভগৱানৰ মূৰ্তিও ধ্বংস কৰা হৈছে। কোৰাঙী থানাৰ সীমাৰ ভিতৰত থকা ‘জে’ এলেকাত অৱস্থিত এই মন্দিৰটো।
মন্দিৰটো আক্ৰমণৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অঞ্চলটোত উপস্থিত হৈ মন্দিৰটো পৰিদৰ্শন কৰি ঘটনা সন্দৰ্ভত স্থানীয় লোকক সোধা-পোছা কৰিছে।
লগতে পঢ়ক ইছলামক অপমান! মডেলসহ সহযোগীক গ্ৰেপ্তাৰ, শাস্তি হ’ব পাৰে মৃত্যুদণ্ড!
এক্সপ্ৰেছ ট্ৰিবিউন কাকতে প্ৰকাশ কৰা অনুসৰি এই ঘটনাই কৰাচীত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ মাজত আতংক আৰু শংকা সৃষ্টি কৰিছে৷ ইতিমধ্যে অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ নিৰাপত্তাৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে। অঞ্চলটোত যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত নহয় তাৰ বাবেই আৰক্ষীক সষ্টম কৰি ৰখা হৈছে৷
স্থানীয় হিন্দু লোকৰ উদ্ধৃতিৰে সংবাদ পত্ৰখনে প্ৰকাশ কৰিছে যে মটৰ চাইকেলত উঠি অহা ৬ ৰপৰা ৮জন ব্যক্তিয়ে অঞ্চলটোত সোমাই মন্দিৰটোত আক্ৰমণ চলায়। “ছয়-আঠজন অজ্ঞাত সন্দেহযুক্ত লোকে মন্দিৰটো ভাঙি-ছিঙি কৰি পলায়ন কৰে৷” কোৰাংগীৰ SHO ফাৰুক সঞ্জৰাণীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়। তেওঁ লগতে কয় যে মন্দিৰত আক্ৰমণ কৰা অজ্ঞাত সন্দেহযুক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
লগতে পঢ়ক সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?
পাকিস্তানৰ সংখ্যালঘু হিন্দু মন্দিৰবোৰ প্ৰায়ে ধৰ্মীয় সাম্প্ৰদায়িক আক্ৰমণ তথা হিংসাৰ লক্ষ্য হৈ পৰা দেখা গৈছে। বিগত বৰ্ষৰ অক্টোবৰ মাহত কোট্ৰিৰ সিন্ধু নদীৰ পাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰক অচিনাক্ত লোকে অপবিত্ৰ কৰাৰ অভিযোগ উঠিছিল।
ইফালে ছ’চিয়েল মিডিয়াত এই ঘটনাৰ খবৰ ভাইৰেল হোৱাৰ পিছতে অতি শীঘ্ৰেই আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অজ্ঞাত দুষ্কৃতিকাৰীকেইজনৰ বিৰুদ্ধে ঘটনাৰ সন্দৰ্ভত এফ আই আৰ দাখিল কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ