সাধাৰণতে বিমানেৰে যাত্ৰা কৰাৰ সময়ত যাত্ৰীয়ে লগত কেৱল মাত্ৰ কেইকিলোগ্ৰামমান লাগেজ বিনামূলীয়াকৈ লগত লৈ যাব পাৰে। সীমাতকৈ অধিক সামগ্ৰী কঢ়িয়াই নিয়াৰ যাত্ৰীয়ে অতিৰিক্ত টিকট মাচুল দিব লাগে।
ৰে’লেৰে যাত্ৰা কৰাৰ সময়তো একেই নিয়ম প্ৰযোজ্য। যদি যাত্ৰীয়ে নিৰ্ধাৰিত সীমাতকৈ অধিক সামগ্ৰী লৈ যাত্ৰা কৰে, তেন্তে তেওঁলোকে জৰিমনা ভৰিব লাগিব। ৰে’ল যাত্ৰাত এজন যাত্ৰীয়ে বিনামূলীয়াকৈ লগত কিমান লাগেজ কঢ়িয়াই নিব পাৰে তলত সেই বিষয়ে উল্লেখ কৰা হ’ল।
যিসকল ৰে’ল যাত্ৰীৰ এ চি ফাৰ্ষ্ট ক্লাছৰ টিকট থাকে তেওঁলোকে বিনামূলীয়াকৈ ৭০ কেজি পৰ্যন্ত লাগেজ কঢ়িয়াই নিব পাৰিব। আনহাতে এ চি ছেকেণ্ড ক্লাছত যাত্ৰা কৰা যাত্ৰীয়ে ৫০ কিলোগ্ৰাম পৰ্যন্ত লাগেজ বিনামূলীয়াকৈ কঢ়িয়াই নিব পাৰিব।
লগতে পঢ়ক পিতৃৰ বিৰুদ্ধে মহাবিস্ফোৰণ পুত্ৰৰ! ‘৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল দেউতাৰ’
একে সময়তে এ চি থাৰ্ড ক্লাছত টিকট থকা এনে যাত্ৰীসকলে ৪০ কেজি পৰ্যন্ত লাগেজ লৈ বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰে। ইয়াৰ লগতে শ্লীপাৰ ক্লাছৰ যাত্ৰীয়ে ৪০ কেজি আৰু দ্বিতীয় শ্ৰেণীৰ যাত্ৰীয়ে ৩৫ কেজি পৰ্যন্ত লাগেজ কঢ়িয়াব পাৰিব।
অৰ্থাৎ যদি যাত্ৰীৰ হাতত টিকট থাকে, তেন্তে ওপৰত উল্লেখ কৰাৰ দৰে যাত্ৰীয়ে কোনো মাচুল নিদিয়াকৈ লাগেজ নিব পাৰিব।
ইয়াৰ উপৰিও যাত্ৰীসকলে যাত্ৰী কম্পাৰ্টমেণ্টত নিজৰ লগত ১০০ চেন্টিমিটাৰ × ৬০ চেন্টিমিটাৰ × ২৫ চেন্টিমিটাৰ (দৈৰ্ঘ্য × ডাঠতা × উচ্চতা) লাগেজ বিনামূল্যে কঢ়িয়াই নিব পাৰিব। এই জোখতকৈ অধিক সামগ্ৰীৰ বাবে যাত্ৰীসকলে ব্ৰেক ভ্যান বুকিং কৰিব লাগিব। অৱশ্যে এই নিয়মটো পুৰণি হ’লেও মন্ত্ৰালয়ে এতিয়ালৈকে কোনো নতুন পৰিৱৰ্তন কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ