অসম লাইভ ২৪ঃ বিশ্বত আন এক নতুন ৰোগ।
লক্ষণ– শ্বাস-প্ৰশ্বাসজনিত সমস্যা, অচেতন হোৱা, খজুৱতি, হঠাৎ কান্দি উঠা, অনৰ্গল হাঁহি ইত্যাদি।
বিশেষকৈ ১২ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণে। অত্যধিক চাপৰ ফলত কিশোৰ-কিশোৰীসকল আক্ৰান্ত হয় এই ৰোগত। ই এক মহামাৰী।
এই মহামাৰীৰ নাম ‘টানগানইকা লাফটাৰ এপিডেমিক’। কিন্তু এই ৰোগত আক্ৰান্ত হ’লে মৃত্যু নহয় ৰোগীৰ। কাৰণ এই মহামাৰী হাঁহিৰ। এই ৰোগত আক্ৰান্ত হ’লে এজনে আনজনক দেখি কাৰণ নোহোৱাকৈয়ে হাঁহি থাকে ১৬ দিন পৰ্যন্ত।
১৯৬২ চনত টানজানিয়াৰ কিশোৰসকল আক্ৰান্ত হৈছিল এই মহামাৰীত। এখন আবাসিক বিদ্যালয়ৰ ৩ জন ছাত্ৰৰ শৰীৰত প্ৰথম সংক্ৰমণ হৈছিল এই ভাইৰাছ।
৩-৪ মাহৰ ভিতৰতেই এই ৰোগত আক্ৰান্ত হৈছিল ২১৭জন ছাত্ৰ। পাছলৈ টানজানিয়াৰ ১৪খন স্কুলৰ সহস্ৰাধিক শিক্ষাৰ্থী আৰু শিক্ষক কৰ্মচাৰী আক্ৰান্ত হয় এই ৰোগত।
হাঁহি হাঁহি মুখেৰে তেজ ওলাই যোৱা পৰিস্থিতিৰো সৃষ্টি হৈছিল আক্ৰান্তসকলৰ। হাঁহি মানেই কেৱল সুখ নহয়, সেইসময়ত হাঁহিয়ে এক মহামাৰীৰ ৰূপ লৈছিল টানজানিয়াত।
এই ৰোগৰ কাৰণ সন্দৰ্ভত ইণ্ডিয়ানাৰ পাৰডিউ বিশ্ববিদ্যালয়ৰ এক গৱেষকৰ দলে গৱেষণা কৰিছিল। অত্যধিক মানসিক চাপৰ বাবেই কিশোৰসকল এই মহামাৰীত আক্ৰান্ত হোৱাৰ কথা গৱেষণাত পোহৰলৈ আহিছিল।
সেই সময়ত স্বাধীন হৈছিল টানজানিয়া। স্বাধীনতা আনন্দৰ, চাপমুক্তিৰ। কিন্তু সেইসময়ত টানজানিয়াৰ কিশোৰসকলৰ ওপৰত আছিল অত্যাধিক মানসিক চাপ। কাৰণ দেশ স্বাধীন হোৱাৰ লগে লগে অভিভাৱক তথা শিক্ষকসকলৰ আশা বাঢ়ি গৈছিল শিক্ষাৰ্থীসকলৰ প্ৰতি। ইয়ে মূল কাৰণ আছিল এই ৰোগ সংক্ৰমণৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ