ৰাজহুৱা খণ্ডৰ কোম্পানী নীলাচল ইস্পাট নিগাম লিমিটেড চমুকৈ এনআইএনএলৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া সোমবাৰে সম্পূৰ্ণ কৰি টাটা গ্ৰুপৰ কোম্পানী টিএছএলপিৰ হাতত অৰ্পণ কৰা হৈছে। সোমবাৰে জাৰি কৰা এক বিবৃতিযোগে এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে।
উল্লেখ্য যে মোদী চৰকাৰৰ কাৰ্যকালত টাটা গ্ৰুপলৈ দ্বিতীয়টো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হস্তান্তকৰণ কৰা হৈছে৷ ইয়াৰ পূৰ্বে এয়াৰ ইণ্ডিয়াক মোদী চৰকাৰে টাটা গ্ৰুপৰ হাতত অৰ্পণ কৰিছিল।
ইফালে এনআইএনএলৰ বাবে যোৱা জানুৱাৰী মাহত চৰকাৰে নিবিদা আহ্বান কৰিছিল আৰু এই নিবিদাৰ যোগে টাটা ষ্টীল লং প্ৰডাক্টছ (টিএছএলপি) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো ক্ৰয় কৰিছে।
লগতে পঢ়ক বিশ্ব অভিলেখ গঢ়িলে ৮৬ বছৰীয়া বেট নেছে! ৬৫ বছৰে কৰি আছে এয়াৰ হোষ্টছৰ চাকৰি!
প্ৰকাশ পোৱা মতে চৰকাৰী আমোলত লোকচান হোৱা এনআইএনএলৰ বাবে টাটা গ্ৰুপৰ ষ্টীল কোম্পানীটোৱে ১২,১০০ কোটি টকাত ক্ৰয় কৰিছে। যিটো চৰকাৰী নিবিদাতকৈ ৫৬১৬.৯৭ কোটি টকাতকৈ দুগুণ বেছি আছিল৷
প্ৰতিষ্ঠানটোক হস্তান্তকৰণ কৰাৰ পিছতে বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘‘এনআইএনএলৰ কৌশলগত বিনিয়োগ চুক্তি আজি সম্পূৰ্ণ হৈছে আৰু ষ্ট্ৰেটেজিক ক্ৰেতা টিএছএলপিলৈ হস্তান্তৰ কৰা হৈছে।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ