সকলো ঠিকেঠাকে চলিলে ২০২৬ চনৰ পূৰ্বেই নেনোৰ ইলেক্ট্ৰিক ভেৰিয়েণ্ট বজাৰলৈ আহিব পাৰে৷ অৱশ্যে এই সম্পৰ্কে টাটাৰ সংস্থাৰ পৰা চৰকাৰীভাৱে একো জনোৱা হোৱা নাই৷ যিহেতু বিদ্যুৎ চালিব বাহন হিচাপে আত্মপ্ৰকাশ কৰিব নেনোই গতিকে এইবাৰ ইয়াৰ দামো পূৰ্বৰ তুলনাত বেছি হ’ব৷ বিভিন্ন সংবাদমাধ্যমৰ ৰিপৰ্ট অনুসৰি এইবাৰ নেনোৰ দাম হ’ব পাৰে ৫ৰ পৰা ৬লাখৰ ভিতৰত৷ বিদ্যুৎচালিত বাহন হিচাপে এই দাম অৱশ্যে বহু সস্তা বুলিও জনাইছে বিশেষজ্ঞই৷
এবাৰ চাৰ্জ দিলেই নতুন এই নেনোয়ে ১৭০ৰ পৰা ২০০ কিঃমিঃ পৰ্যন্ত চলিব পাৰিব বুলি দাবী কৰা হৈছে৷ চহৰাঞ্চলৰ ভিৰ আৰু যানজটৰ মাজত সৰু বাহন হিচাপে নেনো চলোৱাটো যথেষ্ট সুবিধাজনকো হ’ব৷ পাৰ্কিং কৰাও অন্য বাহনৰ তুলনাত সহজ হ’ব৷ নেনোৰ ৰূপ অৱশ্যে পূৰ্বতকৈ বিশেষ সলনি কৰা নহয়৷ ফলত প্ৰথমবাৰৰ তুলনাত নতুন অৱতাৰৰ নেনো ক্ৰেতাসকলৰ ওচৰত বহু আকৰ্ষণীয় হৈ উঠিব পাৰে বুলিও ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ