ইংৰাজে দেশত আধুনিক শিক্ষা প্ৰচলন কৰা দিনৰে পৰা চেকনিৰ আগত বিদ্যা বুলি এক প্ৰবচন প্ৰচলিত হৈ আহিছিল৷ কিন্তু সমগ্ৰ দেশতে সৰ্ব শিক্ষা অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা চেকনিৰ আগত বিদ্যা প্ৰথাক কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷
অৰ্থাৎ শিক্ষকে শিক্ষাৰ্থীক যিকোনো প্ৰকাৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিব নোৱাৰিব৷ শিক্ষকে শিক্ষাৰ্থীক যিকোনো ধৰণৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰাৰ প্ৰমাণ পালেই আৰক্ষীয়ে তেনে শিক্ষকৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰিব পাৰিব বুলি চৰকাৰী নিৰ্দেশ দিয়া হৈছে৷
ইমানৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত মাজে মাজে শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাৰ্থীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ দৰে অমানৱীয় ঘটনা পোহৰলৈ আহি থাকে৷
লগতে পঢ়ক যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?
এইবাৰো তেনে এক ঘটনা পোহৰলৈ আহিছে৷ অন্ধ্ৰ প্ৰদেশৰ নন্দিয়াল জিলাত সংঘটিত হৈছে এই কাণ্ড৷ অভিযোগ অনুসৰি যোৱা ৩ ছেপ্টেম্বৰত জিলাখনৰ আত্মাকুৰ চহৰৰ বেনহাৰৰ ডি পল স্কুলত শিক্ষাৰ্থীয়ে পঢ়া-শুনাত মনোযোগ নিদিয়াৰ অভিযোগ কৰি শিক্ষাৰ্থীসকলক বেতেৰে প্ৰহাৰ কৰিছিল৷
ইয়াৰ পাছতে পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে৷ ভুক্তভোগী শিক্ষাৰ্থীগৰাকীয়ে প্ৰকাশ কৰা মতে হোমৱৰ্ক সম্পন্ন নকৰাৰ বাবেই শিক্ষকগৰাকীয়ে তেওঁলোকক বেতেৰে বেয়াকৈ প্ৰহাৰ কৰিছিল৷
এজাহাৰৰ পাছতে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৪ ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইফালে শিক্ষা বিভাগে শিক্ষকগৰাকীক চাকৰিৰ পৰা নিলম্বনো কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ