গুৱাহাটী মহানগৰীৰ বেলতলা জয়ানগৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ ঘৰৰ মালিকনীয়ে এগৰাকী কাম কৰা কিশোৰীক অট্টালিকাৰ পৰা তললৈ পেলাই দিয়ে৷
ঘটনাৰ বিৱৰণীৰ মতে বনশ্ৰী চৰকাৰ নামৰ এগৰাকী মহিলাই ঘৰত বন কৰা কিশোৰীগৰাকীক তিনিমহলীয়া অট্টালিকাৰ পৰা পেলাই দিয়ে৷
ছলনী দীঘা নামৰ পোন্ধৰ বছৰীয়া কিশোৰী গৰাকীক তললৈ গতা মাৰি পেলাই দিয়াৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷
লগতে পঢ়ক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ
হাত, বুকু, পিঠি, ডিঙিত গুৰুতৰভাবে আঘাত পোৱা কিশোৰীগৰাকীক সংকটজনক অৱস্থাত এজাইল হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷
ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ টংলাৰ হাতীগড়ত বুলি জানিব পৰা গৈছে৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীযে সোধা পোছাৰ বাবে ঘৰৰ গৰাকী বনশ্ৰী চৰকাৰৰ লগতে তেওঁৰ ভগ্নীক আটক কৰিছে৷
লগতে পঢ়ক কোটি কোটি অনুৰাগীৰ বুকুত আঘাত! বাগদান সম্পন্ন হ’ল চেলেনা গুমেজৰ!
ইফালে জানিব পৰা মতে যোৱা জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰীগৰাকীয়ে নিজ ঘৰলৈ যাবলৈ বিচৰা বাবে প্ৰায়ে অকথ্য অত্যাচাৰ চলাই আহিছিল গৰাকী বনশ্ৰী চৰকাৰে৷
ভুক্তভোগী কিশোৰীৰগৰাকীয়ে প্ৰকাশ কৰা মতে জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকীক মাত্ৰ এহেজাৰ টকা প্ৰদান কৰাৰ লগতে শাৰীৰিক অত্যাচাৰ চলাই আহিছিল আৰু আজি গতা মাৰি তিনি মহলাৰ ওপৰৰ পৰা তললৈ পেলাই দিয়ে৷
অভিযুক্ত বনশ্ৰী চৰকাৰৰ স্বামী সেনাবাহনীৰ চাকৰি কৰে আৰু তেওঁ বৰ্তমান ৰাস্থানত কৰ্মৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ