BSNLৰ বিশেষ সস্তীয়া প্লেন, পাব বহুতো সুবিধা, চুম্বকৰ দৰে আকৰ্ষণ কৰিছে গ্ৰাহকক
নতুন পৰিকল্পনাক লৈ টেলিকম কোম্পানীসমূহৰ মাজত অহৰহ প্ৰতিযোগিতা চলি আছে। প্ৰতিটো কোম্পানীয়ে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ পৰিকল্পনা আগবঢ়ায়। প্ৰতিজন গ্ৰাহকে ৰিচাৰ্জ কৰাৰ সময়ত সস্তীয়া প্লেন বিচাৰিছে। যাতে টকা ৰাহি হয় আৰু অধিক সুবিধাও পোৱা যায়।
ইফালে চৰকাৰী টেলিকম কোম্পানী BSNLৰ পৰিকল্পনাৰ বিষয়ে কবলৈ গ’লে, ইয়াৰ গ্ৰাহকৰ বাবে বহুতো সস্তীয়া আৰু ভাল বেনিফিট প্লেন আগবঢ়ায়, যাতে মানুহে নিজৰ সুবিধা অনুসৰি ৰিচাৰ্জ কৰিব পাৰে।
একেদৰে কোম্পানীটোৱে ১৮৪ টকাৰ ৰিচাৰ্জ প্লেনো আগবঢ়াইছে, য’ত বহু সুবিধাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। বিএছএনএলৰ এই সুলভ ৰিচাৰ্জ প্লেনৰ মূল্য ১৮৪ টকা আৰু এই প্লেনৰ জৰিয়তে গ্ৰাহকক ২৮ দিনৰ বাবে আনলিমিটেড ভইচ কলিঙৰ সুবিধা দিয়া হয়। অৰ্থাৎ ২০০ টকাৰ তলৰ মূল্যৰ এই প্লেনটো এবাৰ কিনিলে গোটেই এমাহৰ বাবে চিন্তা নোহোৱাকৈ কথা পাতিব পাৰিব।
১৮৪ টকীয়া এই পৰিকল্পনাত প্ৰতিদিনে ১০০টা এছএমএছৰ সুবিধাও দিয়া হৈছে। ইয়াৰ উপৰিও এই ৰিচাৰ্জ প্লেনে ২৮ দিনৰ বাবে প্ৰতিদিনে ১জিবি হাইস্পীড ডাটা প্ৰদান কৰে। অতিৰিক্ত সুবিধা হিচাপে এই ৰিচাৰ্জ প্লেনৰ জৰিয়তে গ্ৰাহকে বিনামূলীয়া বিএছএনএল টিউনৰ সুবিধাও লাভ কৰিব। যদি কোনোবাই কম দামত এমাহৰ বৈধতা থকা প্লেন বিচাৰে, তেন্তে এই পেকটো তেওঁৰ বাবে উপযোগী হ’ব পাৰে।
আনহাতে, কোম্পানীটোৰ আন সুলভ মূল্যৰ প্লেনবোৰলৈ চালে বি এছ এন এলৰ তালিকাত ১১৮ টকীয়া প্লেন এটাও আছে । এই পৰিকল্পনাৰ বৈধতা ২০ দিনৰ। এই পৰিকল্পনাত গ্ৰাহকক সীমাহীন ভইচ কলিঙৰ সুবিধা দিয়া হৈছে।
ইয়াৰ উপৰিও গ্ৰাহকে এই প্লেনত ১০জিবি হাইস্পীড ডাটাৰ সুবিধাও ল’ব পাৰিব। এই পৰিকল্পনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াত হাৰ্ডি গেমছ, এৰিনা গেমছ, গেমিয়ন এষ্ট্ৰ’টেল, গেমিয়াম, জিং মিউজিক আৰু ৱাউ এণ্টাৰটেইনমেণ্টৰ সুবিধাও লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















