ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন..
মানৱ সমাজৰ একো একোটা সভ্যতা বিভিন্ন কাৰণত নোহোৱা হৈ গৈ থাকে। কোনো যদি যুদ্ধ লাগি, কোনো বেমাৰত পৰি। কোনো সভ্যতাৰ লোক আকৌ প্ৰকৃতিৰ বাবেই নোহোৱা হৈ পৰে।
পাছে বৈজ্ঞানিকে এক এনে সভ্যতাৰ আবিষ্কাৰ কৰিছে যি পুৰাত্বত্তৰ দিশৰ ফালৰ পৰা বহু উন্নত। পাছে সেই চহৰ এটা নহয় দুটা নহয় ৫ টাকৈ ডাঙৰ ভুমিকম্পৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল।
মধ্য আমেৰিকাৰ চহৰ টেওটিহুৱাকান (Teotihuacan City) এক অন্যতম শক্তিশালী চহৰ আছিল। পাছে ভুমিকম্পত ধ্বংস হৈ পৰে সেই চহৰ। তাৰে লাখৰ ঘৰত জনতাই পাছত সেই স্থান এৰিবলৈ বাধ্য হৈ পৰে।
বৈজ্ঞানিকৰ দলে ঠাৱৰ কৰা মতে, পাঁচোটা ভুমিকম্পৰে প্ৰাৱল্য তীব্ৰতৰ আছিল, সম্ভৱত ৯ ৰিখটাৰ স্কেলৰো অধিক আছিল। যাৰ ফলতেই পতন হয় সেই সভ্যতাৰ।
৮.৫ মাইল ধৰি বিয়পি আছিল সেই সভ্যতা। য’ত ডাঙৰ ডাঙৰ ঘৰ, দেৱতা আদিৰ মুৰ্তি নিৰ্মাণ কৰা হৈছিল। ৫৫০ ই বিত ধ্বংস হৈ পৰিছিল এই চহৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ