অসম লাইভ ২৪ঃ অশান্তজৰ্জৰ কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। বৃহস্পতিবাৰে নিশা পুলৱামাৰ কাকাপোৰাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। আক্ৰমণত নিহত হয় ১ জন সন্ত্ৰাসবাদী। কাকাপোৰা অঞ্চলত আৰু ২-৩জন সন্ত্ৰাসবাদী থকাৰ সন্দেহ প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে। টুইটযোগে এই কথা প্ৰকাশ কৰে কাশ্মীৰ প্ৰশাসনে। লোকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ইণ্টাৰনেট সেৱা বন্ধ ৰাখিছে অঞ্চলটোত। তথ্য অনুসৰি, কেইবাজনো সন্ত্ৰাসবাদী পুলৱামাৰ কাকাপোৰা অঞ্চলত থকাৰ খবৰ লাভ কৰিছিল প্ৰশাসনে। খবৰ পাই নিৰাপত্তাৰক্ষীয়ে অভিযান চলায় অঞ্চলটোত। অভিযানকালক দুয়োপক্ষৰ মুখামুখি সংঘৰ্ষত নিহত হয় ১জন সন্ত্ৰাসবাদী। সম্প্ৰতি অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰক্ষী-প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ