‘প্ৰধানমন্ত্ৰী মোডীৰ বিমানত আক্ৰমণৰ ভাবুকি’, মুম্বাই আৰক্ষীলৈ ফোন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্ত্ৰাসবাদীৰ ভাবুকি। প্ৰধানমন্ত্ৰী মোদীৰ এয়াৰক্ৰাফ্টত আক্ৰমণৰ ভাবুকি প্ৰদান। মুম্বাই আৰক্ষীয়ে লাভ কৰিছে ভাবুকিভৰা ফোনকল। ১১ফেব্ৰুৱাৰীত পুলিচ কণ্ট্ৰল ৰুমলৈ আহিছিল ভাবুকিভৰা ফোনকল। মোদীৰ বিদেশ ভ্ৰমণৰ সময়তে আক্ৰমণ কৰাৰ হুংকাৰ দিছিল ফোনযোগে।
দুদিনীয়া আমেৰিকা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাইছিল এই ফোন। পাছত লগে লগে আৰক্ষীয়ে তদন্ত কৰি এই ফোন কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে। লগতে জানিব পাৰে মানসিকভাৱে অসুস্থ সোই লোক।
আৰক্ষীয়ে জনোৱা মতে, ‘মুম্বাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ভাবুকি দিয়া ব্যক্তিজনক চেম্বুৰ অঞ্চলৰ পৰা আটক কৰি ৰখা হৈছে। তেওঁ মানসিকভাৱে অসুস্থ।
সংবাদ মাধ্যমত মুম্বাই আৰক্ষীৰ উদ্ধৃতিৰে কোৱা হৈছে যে ‘১১ ফেব্ৰুৱাৰীত মুম্বাই পুলিচ কণ্ট্ৰল ৰুমত এটা ফোন আহিছিল, য’ত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিক বিদেশ ভ্ৰমণলৈ যোৱাৰ সময়ত তেওঁৰ বিমানত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে বুলি সকীয়াই দিয়া হৈছিল। তথ্যৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে আন এজেন্সীক এই বিষয়ে অৱগত কৰি তদন্ত আৰম্ভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ