অসম লাইভ২৪ঃ ইণ্ডিয়া বা ভাৰত! ৫ ছেপ্টেম্বৰৰ পৰা দেশৰ দুটা নামক লৈ উত্তাল হৈ আছে ৰাজনৈতিক মহল। ক্ষমতাৰ অপব্যৱহাৰ কৰি বিজেপি চৰকাৰে ইণ্ডিয়া নাম সলাই ভাৰত কৰিবলৈ যত্ন কৰিছে বুলি শাসকীয় দলৰ বিৰুদ্ধে একাংশই অভিযোগো আনিছে। G-20ৰ আমন্ত্ৰণী পত্ৰত ইণ্ডিয়াৰ সলনি ভাৰত লেখা দেখাৰ পাছতেই এই কথা স্পষ্ট হৈ পৰিল। দক্ষিণ এছিয়াৰ অন্যতম শক্তিধৰ দেশ হৈছে ভাৰত। ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া। দেশৰ নাম ভাৰত নে ইণ্ডিয়া নে দুয়োটাই থাকিব তাক লৈয়েই চলি আছে তৰ্ক বিতৰ্ক।
দেশৰ সংবিধানতো ইণ্ডিয়া আৰু ভাৰত দুয়োটা নামেই উল্লেখ আছে। শেষ পৰ্যন্ত নাম পৰিবৰ্তন হ’লে কিমান ধন খৰচ হ’ব সেই বিষয়টোৱেও আলোচনা লাভ কৰিছে। দেশৰ নাম সলনি কৰিবলৈ আগবঢ়া ভাৰতেই প্ৰথমখন দেশ নহয়। পূৰ্বেও বহুকেইখন দেশৰ নাম সলনি হৈছে। দেশৰ নাম সলনিৰ ক্ষেত্ৰত প্ৰথমেই আহে খৰচৰ প্ৰসংগ। কাৰণ সকলোতেইল পুৰণি নাম মোহাৰি কেৱল নতুন নাম লিখিব লাগিব। এই কামৰ বাবে খৰচ হ’ব বিপুল পৰিমানৰ অৰ্থ। দেশৰ নাম পৰিবৰ্তন হ’লে সকলো নথি, অফিচিয়েল ৱেবচাইট, দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ নামৰ কাষত দেশৰ নাম সলোৱা হ’ব।
ভাৰতৰ নাম সলাবলৈ কিমান ধন খৰচ হ’ব?
আইনজীৱীৰ ফৰ্মূলা অনুযায়ী, ভাৰত চৰকাৰে ৮০ কোটি ভাৰতীয়ৰ বাবে খাদ্য সুৰক্ষাত যিমান ধন ব্যয় কৰে দেশৰ নাম পৰিবৰ্তনত তাতোকৈ বেছি ধন খৰচ হ’ব। ২০২৩ চনত ভাৰতৰ ৰাজহ সংগ্ৰহ হৈছিল ২৩ লাখ ৮৪ হাজাৰ কোটি টকা। এক সূত্ৰমতে, এই সময়ত যদি দেশৰ নাম সলনি কৰা হয় তেন্তে খৰচ হ’ব ১৪ হাজাৰ ৩০৪ কোটি টকা।
এই হিচাপ কোনে কেনেকৈ ওলিয়ালে?
২০২৩ চনত ভাৰতৰ ৰাজহ সংগ্ৰহ হৈছিল ২৩ লাখ ৮৪ হাজাৰ কোটি টকা। ‘অলিভিয়াৰ মডেল অনুসৰি ভাৰতৰ নাম পৰিবৰ্তন প্ৰক্ৰিয়াত প্ৰায় ১৪ হাজাৰ ৩০৪ কোটি টকা খৰচ হ’ব। এই প্ৰসংগত উদাহৰণ হিচাপে দিয়ে যে ২০১৮ চনত আফ্ৰিকান দেশ ছোৱাজিলেণ্ডৰ নাম পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত খৰচ হৈছিল ৫০০ কোটি টকা। এই হিচাপৰ ভিত্তিতেই অলিভিয়াৰ দেশৰ ৰাজহ আয়ৰ বিশেষ সূত্ৰৰ হিচাপত এই হিচাপ ওলিওৱা হৈছে।
এলাহবাদৰ নাম সলনি কৰোতে খৰচ হৈছিল ৩০০ কোটি টকা
চলিত বছৰৰ আৰম্ভনিতে মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ চহৰৰ নাম পৰিবৰ্তন কৰি ছত্ৰপচি সম্ভাজি নগৰ কৰা হয়। একে সময়তে ওছমানাবাদৰ নাম সলনি কৰি ৰখা হয় ধাৰাশিব। ১০১৬ চনত হাৰিয়ানা চৰকাৰে গুৰগাওঁৰ নাম সলনি কৰি গুৰুগ্ৰাম কৰে। ২০১৮ চনত ইউ পি চৰকাৰে এলাহবাদৰ নাম পৰিবৰ্তন কৰি প্ৰয়াগৰাজ কৰে। ৰাষ্ট্ৰীয় এক সংবাদমাধ্যমে প্ৰকাশ কৰামতে ৰাজ্য চৰকাৰে এলাহবাদৰ নাম পৰিবৰ্তন কৰোতে খৰচ কৰিছিল ৩০০ কোটিৰো অধিক ধন।
ধনৰ হিচাপ কৰিলেও সঁচাকৈয়ে ইণ্ডিয়া সলনি কৰি ভাৰত হ’বনে সেই সম্পৰ্কে কোনো আনুষ্ঠানিক বিবৃত্তি দিয়া হোৱা নাই। সংসদৰ অধিবেশনৰ পাছতহে এই সমগ্ৰ বিষয়টো স্পষ্ট হ’ব বুলি জনাইছে প্ৰায়সংখ্যক ৰাজনীতিবিদেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ