হিজাব বিতৰ্ক সম্পৰ্কে অৱশেষত মুখ খুলিছে দেশৰ আটাইতকৈ কঠোৰ হিন্দুত্ববাদী মুখ্যমন্ত্ৰীৰূপে পৰিচিত যোগী আদিত্যনাথে৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অন্য এক বিজেপি শাসিত ৰাজ্য কৰ্ণাটকৰ হিজাব বিতৰ্কৰ সন্দৰ্ভত মুখ খুলি শ্বাৰিয়া আইনৰ দ্বাৰা নহয়, দেশ সংবিধানৰ দ্বাৰাহে চলিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷
সংবাদ মাধ্যমৰ আগত যোগী আদিত্যনাথে লগতে কয় যে সকলো সংস্থা তথা প্ৰতিষ্ঠানৰে একোটা ড্ৰেছ ক’ড আছে আৰু সেইটো সংবিধানৰ আধাৰতে তৈয়াৰ কৰা হয়৷
ইফালে উত্তৰ প্ৰদেশৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে আগবাঢ়ি থাকিব বুলিও মন্তব্য কৰিছে যোগী আদিত্যনাথে৷
ৰাজ্যখনত অপৰাধৰ বিৰুদ্ধে তেওঁৰ চৰকাৰে লোৱা শূণ্য সহনশীলতাক জনতাই সমৰ্থন জনাইছে আৰু সেইবাবেই ভোটাৰে বিজেপিক পুনৰ ভোট দিছে বুলি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
ইফালে কৰ্ণাটকৰ হিজাব বিতৰ্কৰ শুনানি গ্ৰহণ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত শিক্ষানুষ্ঠানসমূহত সকলো ধর্মীয় পোছাককে নিষিদ্ধ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















