দেশৰ দৰিদ্ৰ লোকৰ বাবে ভগৱান হৈ পৰিছে বলীউডৰ অভিনেতা চুনু ছুড। যেতিয়াই কাৰোবাৰ কিবা সমস্যা হয় তেতিয়াই চুনু ছুড ভগৱান হৈ থিয় দিয়ে।
তেওঁ কোনো দৰিদ্ৰ লোকৰ বিশেষ সমস্যাৰ বিষয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে তথ্য লাভ কৰিলেই তাক সমাধান কৰিবলৈ তৎপৰ হৈ পৰে।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিহাৰৰ কন্যাৰ বিষয়ে তথ্য লাভ কৰিছিল চুনু ছুডে। বিহাৰৰ নৱাদা জিলাৰ এটা দৰিদ্ৰ পৰিয়ালত চৌমুখী নামৰ চাৰিটা ভৰি আৰু চাৰিখন হাত থকা এগৰাকী কন্যা শিশুৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ ভিডিঅ’টোত কন্যা শিশুগৰাকীৰ পৰিয়ালে অস্ত্ৰোপচাৰৰ বাবে আৰ্থিক সহায়ৰ আহ্বান কৰিছিল।
मेरा और चौमुखी कुमारी का सफ़र कामयाब रहा ❤️🙏 pic.twitter.com/Fj4TY8cGMS
— sonu sood (@SonuSood) June 9, 2022
লগতে পঢ়ক ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয়, মানি চলক এই নিয়ম…
এই ভিডিঅ’ লাভ কৰাৰ পিছতে অভিনেতা চুনু ছুডে কেৱল সহায় কৰাই নহয়, উক্ত দৰিদ্ৰ তেওঁ পৰিয়ালৰ কাষত গৈ থিয় দিয়ে।
ইতিমধ্যে চুনু ছুডৰ আৰ্থিক সাহায্যত চৌমুখী নামৰ শিশুটিৰ অপাৰেচন সফলতাৰে সম্পন্ন হৈছে। চুনুৱে ছ’চিয়েল মিডিয়াৰ যোগে জনোৱা মতে শিশুটিৰ চিকিৎসা আৰম্ভ হৈছে।
লগতে পঢ়ক কাজিৰঙাত গাড়ী চলাওঁতে হওক সাৱধান, নহ’লে ভৰিব লাগিব ৫ হাজাৰ জৰিমনা
চুনু ছুডৰ সহায়ত প্ৰায় ৭ ঘন্টা অপাৰেচন কৰাৰ অন্তত চৌমুখীৰ অতিৰিক্ত হাত-ভৰি আঁতৰাই নতুন জীৱন প্ৰদান কৰিলে কিৰণ হাস্পতালৰ চিকিৎসকৰ দলে। চুনু ছু়ডৰ সৈতে কিৰণ হাস্পতালেও টুইটাৰযোগে তথ্য প্ৰদান কৰিছে।
ৱাৰিছলিগঞ্জ ব্লকৰ হেমদা গাঁৱৰ বাসিন্দা চাউমুখী। জন্মৰ সময়ৰ পৰাই চৌমুখৰ পেটৰ পৰা দুখন হাত দুখন ভৰি ওলাই আহিছিল। এই মহান কামৰ পিছতে সামাজিক মাধ্যমযোগে চুনু ছুডক মানুহে প্ৰশংসা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ