• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মাইণ্ডছেট’ৰ ৰাজনীতি আৰু সফলতাৰ শিখৰত গেৰুৱা বাহিনী

‘মাইণ্ডছেট’ৰ ৰাজনীতি আৰু সফলতাৰ শিখৰত গেৰুৱা বাহিনী

4 years ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

41 seconds ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

24 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

44 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘মাইণ্ডছেট’ৰ ৰাজনীতি আৰু সফলতাৰ শিখৰত গেৰুৱা বাহিনী

editor by editor
June 2, 2022
in অসম, ভাৰত, ৰাজনীতি
0
‘মাইণ্ডছেট’ৰ ৰাজনীতি আৰু সফলতাৰ শিখৰত গেৰুৱা বাহিনী
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ মাইণ্ডছেট অৰ্থাৎ চিন্তাধাৰা। এই চিন্তাধাৰাৰ ৰাজনীতি সম্প্ৰতি ব্যাপক আৰু জনপ্ৰিয় হৈ উঠিছে। কিন্তু এইখিনিতে প্ৰশ্ন হয়, মাইণ্ডছেটৰ ৰাজনীতি কি? এয়া একবিংশ শতিকাৰ তথ্য প্ৰযুক্তি অথবা দৃশ্য-শ্ৰব্য মাধ্যমৰ ফচল নেকি?

দৰাচলতে মাইণ্ডছেট বা চিন্তাধাৰাৰ ৰাজনীতি যথেষ্ট প্ৰাচীন। সংসদীয় বা গণতান্ত্ৰিক নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতি ইয়াক পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰিছিল জাৰ্মানী স্বেচ্ছাচাৰী শাসক এডলফ হিটলাৰে। তাৰ পাছত বহু কেইগৰাকী শাসক অথবা শাসকীয় পক্ষই চিন্তাধাৰাৰ ৰাজনীতিৰে জনতাৰ মন জয় কৰি দীঘলীয়া সময়ৰ বাবে শাসনৰ বাঘজৰী কুক্ষিগত কৰি ৰাখিব পাৰিছে৷ ইয়াৰ তথ্য বহু দীঘলীয়া৷ কিন্তু তৎসত্ত্বেও মাইণ্ডছেট ৰাজনীতিৰ কেইটামান সফল পৰীক্ষণ বা উদাহৰণ দাঙি ধৰিব পাৰে৷

সাম্প্ৰতিক সময়ত চিন্তা-ধাৰাৰ ৰাজনীতিৰে দীঘলীয়া সময় শাসনৰ গাদী দখল কৰি ৰাখিব পৰা দুগৰাকী অন্যতম নেতা হৈছে চীনৰ ৰাষ্ট্ৰপতি জিন পিং আৰু ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন৷ এই দুয়োগৰাকী নেতাই তেওঁলোকৰ জনতাক বা দেশৰ নাগৰিকক নিজৰ চিন্তাধাৰাৰে প্ৰভাৱান্বিত কৰি ৰাখিব পাৰিছে৷ অন্য অৰ্থত দুয়োগৰাকী সফল আৰু একনায়কত্ববাদী শাসকে চৰকাৰে বিচৰা ধৰণৰ এক চিন্তাধাৰা বা মাইণ্ডছেট সৃষ্টি কৰি তাক দেশৰ কোটি কোটি জনগণৰ মাজত সিঁচি দিছে৷ পৰিণতিত দুয়োখন দেশত এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে যে এই দুগৰাকী নেতাৰ অনুপস্থিতিত যেন জনতাৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিব৷ দুয়োখন সমাজতান্ত্ৰিক দেশতে দৃশ্য শ্ৰব্য আৰু তথ্য-প্ৰযুক্তি বিদ্যাৰ সহায়ত জনতাৰ মাজত শাসকপক্ষীয় এক ব্যতিক্ৰমী চিন্তাধাৰা সৃষ্টি কৰা হৈছে৷

 

লগতে পঢ়ক চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?

উদাহৰণস্বৰূপে চীন দেশত ৰাষ্ট্ৰপতি জিন পিং জনতাৰ মাজত সিঁচি দিয়া অন্যতম আৰু প্ৰধান চিন্তাধাৰা হৈছে বিশ্বত চীনৰ আধিপত্য আৰু জনতাৰ নিৰাপত্তা৷ শাসকপক্ষই অতি কৌশলেৰে চৰকাৰী প্ৰচাৰ মাধ্যম আৰু তথ্য-প্ৰযুক্তিবিদ্যাৰ সহায়ত এই চিন্তাধাৰা সমগ্ৰ চীন দেশৰ জনতাৰ মাজত নিৰৱচ্ছিন্নভাৱে প্ৰচাৰ কৰিব লাগিছে৷ আৰু আধুনিক তথ্য-প্ৰযুক্তিবিদ্যা সৰ্বস্ব জীৱনধাৰাত দৃশ্য শ্ৰব্য মাধ্যমৰ প্ৰভাৱ যে অপৰিসীম সেইটো প্ৰায়বোৰ দেশতে প্ৰমাণিত হৈছে৷ অৰ্থাৎ চীন দেশৰ শাসকপক্ষই এইবুলি প্ৰচাৰ চলাইছে যে জিন পিঙৰ নেতৃত্বতহে চীন দেশৰ নিৰাপত্তা আৰু বিজয় নিশ্চিত৷ এই প্ৰচাৰ বাৰম্বাৰ চলি থকা বাবে জনতাৰ মাজতো অনুৰূপ চিন্তাধাৰা গঢ়ি উঠিছে৷ আৰু সেই চিন্তাধাৰা বা মাইণ্ডছেটক আধাৰ হিচাপে লৈ জিন পিঙে ক্ষমতাৰ বাঘজৰী হস্তগত কৰি ৰাখিছে৷ চীন দেশত নাগৰিকৰ মাজত এই চিন্তাধাৰা যিমান দিন বৰ্তি থাকিব সিমান দিনলৈ হয়তো দেশখনৰ শাসনৰ বাঘজৰীও জিন পিঙৰ হাততে থাকিব৷ ইয়াৰ অৰ্থ এইটো যে চীন দেশৰ গৰিষ্ঠসংখ্যক জনতাই এইবুলি বিশ্বাস কৰিছে যে জিন পিঙৰ নেতৃত্বইহে তেওঁলোকক পৰিচয় আৰু বিশ্ব নাগৰিকৰ মৰ্যাদা দিব পাৰিছে৷

অনুৰূপ ধৰণে ছোভিয়েট ৰাছিয়াতো চিন্তাধাৰা বা মাইণ্ডছেটৰ ৰাজনীতি চলিছে৷ মূলতঃ তথ্য-প্ৰযুক্তি আৰু সামৰিক শক্তিক আধাৰ হিচাপে লৈ ভ্লাডিমিৰ পুটিন নেতৃত্বাধীন চৰকাৰে জনসাধাৰণৰ মাজত তেনে এক চিন্তাধাৰা সিঁচি দিছে৷ আৰু পৰিণতিত ছোভিয়েট ৰাছিয়াতো এক নতুন মাইণ্ডছেট সৃষ্টি হৈছে৷ যি মাইণ্ডছেট বা চিন্তাধাৰাই কেৱল ভ্লাডিমিৰ পুটিনৰ কথাহে ভাবিব পাৰে৷

ভাৰতবৰ্ষতো চিন্তাধাৰাৰ ৰাজনীতি বা মাইণ্ডছেটৰ ৰাজনীতি নতুন নহয়৷ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত বাওঁপন্থী ৰাজনৈতিক শক্তিয়ে জনসাধাৰণৰ মাজত সমতা বা সমাজতান্ত্ৰিক ব্যৱস্থাৰ এক মাইণ্ডছেট সৃষ্টি কৰিছে৷ জনসাধাৰণৰ মাজত সিঁচি দিয়া হৈছিল সমবিকাশ, সমতা আৰু ন্যায়ৰ শাসন চলিবলৈ বাওঁপন্থী ৰাজনৈতিক শক্তিৰ বিকল্প নাই৷ সেই সময়ত অৰ্থাৎ যোৱা শতিকাৰ আশী আৰু নব্বৈ দশকত বাওঁপন্থী ৰাজনৈতিক শক্তিসমূহে প্ৰচাৰ পত্ৰ বা হেণ্ড বিল, বাতৰি কাকত আৰু পথসভাৰ জৰিয়তে পশ্চিমবংগত এক নতুন চিন্তাধাৰা বা মাইণ্ডছেট সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ আৰু সেই মাইণ্ডছেট ৰাজনীতিৰে বলীয়ান হৈ বাওঁপন্থী দলসমূহে দীৰ্ঘ সময় ধৰি পশ্চিমবংগত শাসনৰ বাঘজৰী কুক্ষিগত কৰি ৰাখিব পাৰিছিল৷

 

লগতে পঢ়ক সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?

সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে সৃষ্টি হৈছে এক নতুন ৰাজনৈতিক চিন্তাধাৰা বা পলিটিকেল মাইণ্ডছেট৷ এই মাইণ্ডছেটৰ মূল সময় হৈছে হিন্দুত্ববাদ, ৰাষ্ট্ৰীয়তা আৰু দেশপ্ৰেম৷ এই ৩টা বিষয়ত মূল সময় হিচাপে লৈ ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমগ্ৰ দেশত ব্যাপক প্ৰচাৰ চলাইছে৷ অবিৰত, ধাৰাবাহিক আৰু সৰ্বমুখী, সৰ্বব্যাপী প্ৰচাৰৰ ধামখুমীয়াত বহু লোকে বিজেপি বা rssএ চিন্তা কৰা ধৰণে নিজৰ চিন্তাধাৰা অৰ্থাৎ মাইণ্ডছেট গঢ়ি তুলিছে৷ পৰিণতিত দেশৰ একাংশ নাগৰিকৰ মাজত এই বুলি এক ধাৰণাৰ সৃষ্টি হৈছে যে ভাৰতীয় সভ্যতা আৰু ঐতিহ্য ৰক্ষাৰ বাবে বিজেপি আৰু rssএহে প্ৰকৃতাৰ্থত কাম কৰিব পাৰিছে৷ এই চিন্তাধাৰাৰ মাজত হিন্দু নাগৰিকৰ নিৰাপত্তাও সোমাই পৰিছে৷ সমগ্ৰ বিষয়টোক লৈ নাগৰিকৰ মাজত গঢ়ি উঠিছে এক নতুন চিন্তাধাৰা৷ আৰু এই চিন্তাধাৰাৰ প্ৰতিফলন ঘটিছে নিৰ্বাচনত৷ হয়তো সেইবাবেই প্ৰতিটো নিৰ্বাচনতে ক্ৰমাৎ অপ্ৰতিদ্বন্দ্বী হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টী বা তেওঁলোকৰ মিত্ৰশক্তিসমূহ৷ এই মাইণ্ডছেটৰ বাবেই সাম্প্ৰতিক সময়ত বিধ্বস্ত হৈছে বিজেপি বিৰোধী ৰাজনৈতিক শক্তিসমূহ৷ কিয়নো দেশৰ গৰিষ্ঠসংখ্যক জনতাৰ মাইণ্ডছেট এতিয়াও বিজেপিৰ সমৰ্থনত আছে৷ এই মাইণ্ডছেটৰ পৰিৱৰ্তন নোহোৱা পৰ্যন্ত বিজেপিৰ হাতৰ পৰা ক্ষমতাৰ বাঘজৰী অন্য কোনো ৰাজনৈতিক শক্তিয়ে আজুৰি আনিব পাৰিব বুলি ভবাতো স্বপ্নবিলাস মাথোঁ৷ অৱশ্যে বিজেপি বিৰোধী শিবিৰৰ বাবেও বিকল্প নথকা নহয়৷ সেই বিকল্প হৈছে আন এক নতুন মাইণ্ডছেট বা চিন্তাধাৰা সৃষ্টি কৰাটো৷ কিন্তু দেশত কেতিয়া সৃষ্টি হ’ব নতুন মাইণ্ডছেট? সাম্প্ৰতিক সময়ত ই এক জটিল প্ৰশ্ন৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
Next Post
কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?

কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?

কে কেৰ কন্যা তামাৰাৰ হৃদয়স্পৰ্শী পোষ্ট! কি ক’লে সদ্যপ্ৰয়াত পিতৃৰ বিষয়ে?

কে কেৰ কন্যা তামাৰাৰ হৃদয়স্পৰ্শী পোষ্ট! কি ক’লে সদ্যপ্ৰয়াত পিতৃৰ বিষয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.