অসম লাইভ২৪ঃ পাকিস্তানৰ উত্তৰত আছে এখন উপত্যকা। নাম হুনজা উপত্যকা। এই উপত্যকাৰ চৌদিশ সুউচ্চ পাহাৰেৰে আবৰা। এই উপত্যকাতেই কিছু দূৰে দূৰে সৰু একোখন গাওঁ। এই উপত্যকাত থকা লোকসকলক লৈ সমগ্ৰতেই চৰ্চা। এই ব্যক্তিসকলৰ আছে অনন্য বৈশিষ্ট্য। হুনজা উপত্যকাত থকা লোকসকলে কমপক্ষেও ১০০ বছৰ জীয়াই থাকে। কেতিয়াবা কেতিয়াবা এই সংখ্যা বাঢ়ি ১২০ বছৰ পৰ্যন্তও জীয়াই থাকে হুনজা উপত্যকাৰ ব্যক্তিসকল। কেৱল জীয়াই থকাই নহয়, এই আদিবাসীসকলৰ মহিলাৰ প্ৰজনন ক্ষমতাও আচৰিত।
এই উপত্যকাত ৬০ ৰ পৰা ৯০ বছৰলৈ মহিলাসকলে সন্তানধাৰণ কৰিবলৈ সক্ষম হৈ থাকে। হুনজা উপত্যকাত থকা এই আদিবাসীসকল বুৰুছো নামেৰে পৰিচিত। বুৰুছোসকলে বহু বয়সলৈ নিজা যৌৱন ধৰি ৰাখে। বয়সৰ চাপো তেওঁলোকৰ মুখত নপৰে। সময়ৰ কাঁটা তেওঁলোকৰ বাবে যেন ৰৈ যায়। বুৰুছোসকলে যৌৱন ধৰি ৰখাৰ আঁৰত আছে বিশেষ ৰহস্য। বিজ্ঞানীসকলৰ মতে এই এলেকাত থকা সকলো ফলমূল, পাচলি, সকলোবোৰেই পুষ্টিকৰ। এই খাদ্যাভ্যাসৰ বাবে এই বুৰুছোসকল চিৰতৰুণ। ইয়াৰোপৰি তেওঁলোক বাস কৰা উপত্যকাটো প্ৰদুষণমুক্ত। স্বভাৱত কৰ্মঠ এই বুৰুছো সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোক।
উল্লেখ্য যে বুৰুছো সম্প্ৰদায়ৰ লোকসকল কাহানিও জটিল ৰোগত আক্ৰান্ত হোৱাৰ উদাহৰণ নাই। কৰ্কট ৰোগ, আলছাৰ, পেটৰ ৰোগ, এপেণ্ডিছ আদি সমস্যাও এই সম্প্ৰদায়ৰ লোকসকলৰ কাহানিও হোৱা নাই বুলি দাবী কৰে। হেনৰি কোৱাণ্ডা নামৰ এজন বিজ্ঞানীয়ে হুনজা উপত্যকাত গৈ প্ৰায় ৬০ বছৰ ধৰি আছিল। হুনজা উপত্যকাৰ হিমবাহৰ পানী পৰীক্ষা কৰি তেওঁ দাবী কৰিছে যে এই উপত্যকাৰ পানীৰ বাবেই বুৰুছোসকলৰ জীৱনকাল দীৰ্ঘ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ