যিমান দিন গৈছে প্ৰত্যেক মানুহৰ মানুহৰ ওচৰতেই সলনি হৈছে জীৱনৰ সংজ্ঞা৷ তেনেকৈয়ে সম্পৰ্কৰ সংজ্ঞাও সলনি হৈছে৷ মনৰ মানুহ কাষত থাকিলেও দূৰত্ব বাঢ়ে৷ তাৰফলতেই বাঢ়িছে বিচ্ছেদ৷ সমীক্ষাই কৈছে, এক ছাদৰ তলত থাকিলেও বহু যুগলেই শ্লিপ ডিভোৰ্ছৰ পথত আগুৱাইছে বহুজন৷
কি এই শ্লিপ ডিভোৰ্ছ?
এক ঘৰত থাকিও পৃথক বিছনাত ৰাত্ৰিযাপনেই হৈছে শ্লিপ ডিভোৰ্ছ৷ ResMed 2025 Global Sleep Survey সম্প্ৰতি কমেও ৩০ হাজাৰ যুগলক লৈ সমীক্ষা কৰোৱা হৈছে৷ তাৰ ফলাফল দেখি বহু বিশেষজ্ঞৰ চকু কঁপালত উঠিছে৷ কাৰণ, সমীক্ষাৰ ফলে কৈছে, ভাৰতীয়ৰ মাজত শ্লিপ ডিভোৰ্ছৰ প্ৰৱণতা সকলোতকৈ বেছি৷ দ্বিতীয় স্থানত আছে চীন৷ আৰু কোৰিয়া আছে তৃতীয় স্থানত৷ চীনত ৬৭শতাংশ আৰু কোৰিয়াত ৬৫ শতাংশ যুগৰ বিছনা পৃথক৷ আমেৰিকা, ব্ৰিটেইনত শ্লিপ ডিভোৰ্ছৰ হাৰ ৫০শতাংশ৷ যি তুলনামূলকভাৱে কম৷
কি কাৰণত বাঢ়িছে শ্লিপ ডিভোৰ্ছ? বিশেষজ্ঞৰ মতে,
১. কোনো কোনোৱে যদি দাবী কৰে যে তেওঁৰ সংগী কিংবা সংগিনীয়ে টোপনিতে নাক বজায় যাৰ বাবে একেখন বিছনাত শোৱা সম্ভৱ নহয়৷
২. কিছুসংখ্যকৰ দাবী যে তেওঁৰ সংগী কিংবা সংগিনীয়ে জোৰে জোৰে শ্বাস লয়, যাৰ ফলত টোপনি যোৱাত অসুবিধা হয়৷
৩. কোনো কোনোৱে আকৌ শোৱাৰ সময়ত টিভি চোৱা, মোবাইল চোৱাৰ দৰে বদভ্যাস ৰাখে৷ যাৰ ফলত আনগৰাকীৰ অসুবিধা হয়৷
শ্লিপ ডিভোৰ্ছৰ ভাল বেয়া দুটা দিশেই আছে৷ জানি থওক বিশেষজ্ঞৰ কি মত?
ভাল দিশ
১. টোপনি ভাল হয়৷
২. শাৰীৰিক সম্পৰ্কক লৈ উত্তেজনা বঢ়ায়৷
বেয়া দিশ
১. বিশেষজ্ঞৰ মতে একে বিছনাত শুলে সংগীৰ প্ৰতি টান বাঢ়ে৷ কাৰণ সেই সময়ত আমাৰ শৰীৰৰ পৰা অক্সিটছিন বা লাভ হৰমন নিৰ্গমণ বাঢ়ে৷ এক বিছনাত নুশুলে টোপনি সম্ভৱ নহয়৷
২. অক্সিটছিন নিৰ্গমণৰ ফলত স্বাভাৱিকভাৱেই দুশ্চিন্তা, অৱসাদ দূৰ হয়৷ কিন্তু শ্লিপ ডিভোৰ্ছৰ ফল হৈছে তাৰ ওলোটা৷
৩. দুশ্চিন্তা, অৱসাদৰ দৰে সমস্যাৰ পৰা ৰেহাই পোৱাৰ ফলত আয়ু বাঢ়ে৷ শ্লিপ ডিভোৰ্ছৰ ফলত সম্পৰ্ক মধুময় হোৱাৰ সলনি বাঢ়িছে মানসিক দূৰত্ব৷
এক ছাদৰ তলত থাকিও শ্লিপ ডিভোৰ্ছৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাৱি লওক৷ অন্যথা বিচ্ছেদলৈকে সম্পৰ্ক আগবাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ