ভক্ত আৰু ভগৱানৰ মাজত এক নিবিড় সংযোগ আছে৷ ভক্তই কেৱল ভগৱানৰ কথা মনত পেলাই তেনে নহয়, ভগৱানেও ভক্তৰ কথা ভাৱে৷ এই কথা সনাতনী ধৰ্মগ্ৰন্থত উল্লেখ আছে৷ এজন পিতৃয়ে যেনেকৈ এজন সন্তানক ভালপায় তেনেকৈ সন্তানেও পিতৃক ভালপায়৷ ভগৱানৰ কথাবোৰো তেনেকুৱাই৷ নিজৰ একান্ত ভক্তক কেতিয়াও অকলশৰীয়া হ’ব নিদিয়ে ঈশ্বৰে৷ কিবা নহয় কিবা এটা ৰূপ ধৰি তেওঁ ভক্তৰ কাষলৈ আহি ভক্তক সঠিক পথৰ সন্ধান দিয়েই৷ শাস্ত্ৰই কৈছে যে ভগৱানে যেতিয়া ভক্তক মনত পেলাই তেতিয়া তাৰ সংকেত পঠিয়াই৷ জানি থওক আপোনাৰ সৈতেও অজানিতে তেনে কোনো ঘটনা ঘটি থাকিব পাৰে৷
অন্তৰৰ অনুভূতি
ঈশ্বৰে যেতিয়া তেওঁলোকৰ ভক্তক স্মৰণ কৰে তেতিয়া ভক্তই ভিতৰৰ পৰা ভগৱানৰ প্ৰতি আকুলতা অনুভৱ কৰে৷ মনৰ প্ৰতিটো কোণত এক অদ্ভুত ভালপোৱাৰ শিঁহৰণ জাগি উঠে৷ সেই সময়ত টোপনিটো ঈশ্বৰৰ সপোনেই দেখে৷ আপোনাৰ সৈতে এনে ঘটনা ঘটিলেই বুজিব যে ভগৱানে আপোনাৰ কথা মনত পেলাইছে৷
মনৰ মাজত ভজন
আপুনি যদি ঈশ্বৰৰ ভজন গাই কিন্তু নিজে নভৱাকৈয়ে যেতিয়া আপুনি মনতে ভজন গাই থাকে তেতিয়াই বুজিব ঈশ্বৰে আপোনাক মনত পেলাইছে৷ ইয়াৰ অৰ্থ ঈশ্বৰে আপোনাক স্মৰণ কৰিছে৷
মনৰ ভিতৰৰ শান্তি
বহু সময়ত এনে হয় যে কোনো কাৰণ অবিহনেই মনৰ মাজত অপাৰ শান্তি অনুভৱ কৰিছে৷ ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ জাগি উঠিছে৷ এই ঘটনাই ইংগিত দিয়ে যে ঈশ্বৰেও সেই সময়ত আপোনাক স্মৰণ কৰিছে৷
অশান্ত মন
বহু সময়ত নানান কামত ব্যস্ত থাকিলেও আপোনাৰ মনত ঈশ্বৰৰ প্ৰতি আকুলতা জাগি উঠিছে! সেই সময়তেই সকলো কাম এৰি কোনো মন্দিৰলৈ যোৱাৰ ইচ্ছা হয়৷ ঈশ্বৰৰ দৰ্শন পাবৰ বাবে মন উতলা হৈ উঠে, মন অশান্ত হৈ উঠে সেয়াও ভগৱানে আপোনাক স্মৰণ কৰিলেই হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ