হোটেল বন্ধ হৈ যোৱাৰ পাছতেই মাজনিশা সোমাইছিল চোৰ৷ তন্নতন্নকৈ ৰুমত তালাছি চোৰৰ৷ কিন্তু একোৱেই নাই সেই হোটেল ৰুমত৷ কি চুৰি কৰা যায়? ভাৱি ভাৱি কেইবাপাকো ফুৰি ফ্ৰিজ খুলি পানীৰ বটল এটা উলিয়াই আনে চোৰে৷ অলপমান পানী খাই চিচি কেমেৰাৰ সন্মুখত ২০ টকা থৈ নমস্কাৰ জনাই সেই স্থানৰ পৰা উধাও হয় চোৰ৷
ঘটনাটো হায়দৰাবাদৰ মহেশ্বৰমৰ৷ আৰক্ষীয়ে জনোৱা অনুসৰি চুৰিৰ ঘটনা ঘটিছে এসপ্তাহ পূৰ্বে৷ বিগত ১৮ জুলাইত সেই চুৰিৰ ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে লাভ কৰিছে সেই চিচিটিভি ফুটেজ৷ ফুটেজতেই দেখা গৈছে সেই বিশেষ দৃশ্য৷ তদন্তকাৰীয়ে জনোৱা অনুসৰি এটা পানীৰ বটলৰ বাহিৰে কোনো সামগ্ৰীয়ে চুৰি হোৱা নাই৷ চোৰক ধৰিবৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীৰ দলে৷ প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে যে এই হোটেলৰ ক’ত কি আছে চোৰে পূৰ্বৰে পৰাই জানে৷ পৰিচিত কোনো লোকেই চুৰিৰ বাবে প্ৰৱেশ কৰিছিল৷ কেইবামিনিটৰ চিচিটিভি ফুটেজত পোৱা অনুসৰি চোৰৰ মূৰত কেপ, মুখ ঢকা আৰু ডিঙিত গামোছা৷ যা’তে তেওঁক চিনি নাপায় তাৰবাবেই এই পন্থা অৱলম্বন কৰিছে চোৰে৷
হালধীয়া ৰঙৰ এটা টি-ছাৰ্ট আৰু এটা ধূসৰ ৰঙৰ ট্ৰাউজাৰ৷ হোটেলত সোমাই এটাৰ পাছত আনটো চুক-কোণ নিৰিক্ষণ কৰে চোৰে৷ কিন্তু একো সামগ্ৰী নাপায় ফ্ৰিজ খুলি এবটল পানী লৈ কেমেৰাৰ সন্মুখত ২০টকা থৈ এটা নমস্কাৰ দি সেই স্থান ত্যাগ কৰে চোৰে৷ সেই ফুটেজ দেখি বিস্মিত আৰক্ষীও৷ অৱশ্যে চোৰ চোৰেই৷ চুৰ কৰক বা নকৰক আৰক্ষীয়ে চোৰক বিচাৰি এতিয়া অব্যাহত ৰাখিছে অভিযান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ