তেতেলী স্বাস্থ্যৰ বাবে খুবেই উপকাৰী৷ এক টুকুৰা মুখত দিলেই বহু ৰোগৰ পৰা মুক্তি পাব পাৰে৷ চিকিৎসকে জনোৱা অনুসৰি পুৰুষে প্ৰতিদিনে এটাকৈ তেতেলি খালে অলেখ উপকাৰ লাভ কৰিব৷ তেতেলীয়ে শুক্ৰাণুৰ গুণগতমান উন্নক কৰে৷ যিসকল পুৰুষে বন্ধ্যাত্বৰ সমস্যাত ভূগিছে তেওঁলোকে তেতেলী খাই শুক্ৰাণুৰ সংখ্যা বঢ়াব পাৰে৷
চিকিৎসকে জনোৱা অনুসৰি তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন বি১, ভিটামিন বি৩, পটাছিয়াম আৰু মেগনেছিয়াম পোৱা যায়৷ ই তাৎক্ষণিকভাৱে শৰীৰৰ বহু আভ্যন্তৰীণ সমস্যা নিৰাময় কৰে৷ ইয়াত উপস্থিত এণ্টি অক্সিডেণ্টে মস্তিষ্কৰ প্ৰতিটো কোষক সক্ৰিয় ৰাখে আৰু নতুন সংক্ৰমণ বাঢ়িবলৈ নিদিয়ে৷
তেতেলীৰ সকলোতকৈ ডাঙৰ উপকাৰিতা হৈছে ই শৰীৰক ঠাণ্ডা ৰাখে৷ পানীত তেতেলী পিহি, চেকনিৰে চেকি তাত দুচামুচ চেনী মিহলাই পান কৰিলে ছৰ্দি, কাঁহৰ পৰা উপশম পাব৷ তেতেলীত উপস্থিত এছকৰবিক এছিডে আয়ৰণ শোষণ কৰি শৰীৰৰ কোষ পৰিবহণ কৰে৷ ই মস্তিষ্কৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷ শীতত মানসিক অৱসাদ বাঢ়ে, যাৰ বাবে চিন্তা কৰা আৰু বুজাৰ গতি কমে৷ কিন্তু যেতিয়া সঠিক পৰিমাণে আয়ৰণ মস্কিষ্কত থাকে তেতিয়া চিন্তা কৰাৰ ক্ষমতা প্ৰখৰ হয়৷
মস্তিষ্কৰ ক্লান্তি দূৰ কৰিবলৈ শীতকালত শক্তিবন্ত অনুভৱ কৰিবলৈ আপোনাৰ খাদ্যতালিকাত তেতেলী ৰাখক৷ ইয়াৰ বৈশিষ্ঠ্যই আপোনাক সকলো দিশৰ পৰা ফিট আৰু সক্ৰিয় কৰি ৰাখিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















