ইৰানৰ সেনাঘাঁটিক লক্ষ্য কৰি এটাৰ পাছত আনটো আক্ৰমণ চলাইছে ইজৰাইলে৷ শনিবাৰৰ এই আক্ৰমণৰ পাছতেই এতিয়া আকাশীসীমা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে ইৰান আৰু দুই দেশ চিৰিয়া, ইৰাকে৷
ফ্লাইটৰা়ডাৰ২৪ৰ তথ্য অনুসৰি এই তিনি দেশৰ আকাশসীমাৰে কোনো বিমান যাতায়াত চলা নাই৷ যদিও আক্ৰমণৰ পাছৰে পৰাই ইৰানে দাবী কৰিছে যে বিমান পৰিসেৱা আৰম্ভ কৰা হৈছে৷ অন্যহাতে ইৰাকে জনাইছে যে নিৰাপত্তাৰ স্বাৰ্থতেই তেওঁলোকে আকাশসীমা বন্ধ কৰি থৈছে৷ আক্ৰমণৰ প্ৰভাৱত যাতে কোনো অসামৰিক বিমান ক্ষতিগ্ৰস্থ নহয় তাৰবাবে নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকে আকাশীপথ বন্ধ ৰাখিছে৷ আক্ৰমণৰ প্ৰভাৱ যাতে কোনো অসামৰিক বিমানৰ ওপৰত নপৰে তাৰবাবে এই সিদ্ধান্ত লোৱা বুলি জনাইছে সেই দেশৰ সংবাদমাধ্যমসমূহে৷ ইৰাণত আক্ৰমণৰ পাছৰে পৰাই আকাশসীমা সুৰক্ষিত ৰখাৰ পদক্ষেপ লৈছে ইৰাকে৷
অন্যহাতে চিৰিয়াইয়ো দাবী কৰিছে, গোলান হাইটছৰ পৰা বিমান আক্ৰমণ চলাইছে ইজৰাইলে৷ ইৰানত শনিবাৰে ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছতেই আকাশসীমা সুৰক্ষা ব্যৱস্থাক আৰু কটকটীয়া কৰা হৈছে৷ বন্ধ ৰখা হৈছে আকাশীপথ৷ বিগত ১ অক্টোবৰত ইজৰাইলে ২০০ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল ইৰানৰ বিৰুদ্ধে৷ সেই আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ ল’বলৈকে ইৰানৰ ওপৰত আক্ৰমণ চলাইছে ইজৰাইলে৷ বিগত কেইবাসপ্তাহ ধৰি ইজৰাইলে চলাই থকা আক্ৰমণত হিজবুল্লা প্ৰধান নাছৰাল্লাসহ কেইবাজনো শীৰ্ষনেতা নিহত হৈছে বুলি দাবী কৰিছে ইজৰাইলে৷
ইৰানৰ ওপৰিও লেবাননতো আক্ৰমণ চলাইছে ইজৰাইলে৷ লেবাননত আক্ৰমণ চলোৱা বন্ধ নকৰিলে পৰিণতি ভাল নহ’ব বুলি ধমকিও দিছে ইৰানে৷ কেৱল সেয়াই নহয়, ইৰানে আক্ৰমণ চলালে তাৰ বিপৰীতে জবাব দিবলৈ প্ৰস্তুত বুলি ইজৰাইলেও ধমক দিছে৷ কেইটামান দিন পূৰ্বে ড্ৰোণ আক্ৰমণো চলোৱা হৈছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বাসভৱনত৷ তাৰপিছতেই ইয়াৰ জৱাব দিয়া হ’ব বুলি জনাইছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ