২৩ জানুৱাৰী ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই দিনজুৰি তুলা ৰাশি ত্যাগ কৰি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি মাঘৰ কৃষ্ণা নৱমী তিথি৷ আজি বিয়লী ৫ বাজি ৩৭মিনিট পৰ্যন্ত নৱমী তিথি থাকিব৷ তাৰপাছতেই মাঘৰ কৃষ্ণা দশমী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি আজি গণ্ড যোগ আৰু বৃদ্ধি যোগৰ প্ৰভাৱ আছে৷ ইয়াৰোপৰি আজি আছে প্ৰথমে বিশাখা নক্ষত্ৰ আৰু পাছত অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
আজি কোনো বিশেষ জ্ঞানী মানুহৰ সংগ পাই ধন্য হ’ব বৃষ ৰাশিৰ জাতক৷ তেওঁৰ পৰা অনেক তথ্য লাভ কৰিব পাৰিব আপুনি৷ নিজৰ কামৰ বাবে অফিচৰ মেনেজমেণ্টৰ প্ৰশংসা পাব৷ কোনোৱে আপোনাৰ মনোবল ভঙাৰ চেষ্টা কৰিব পাৰে৷ তাত কাণ নিদি নিজৰ কাম কৰি যাওক৷ আজি আৰ্থিকভাৱে লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷
কৰ্কট ৰাশি
অমলা যোগৰ প্ৰভাৱত হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়িক যাত্ৰাৰ পৰা লাভৱান হ’ব আপুনি৷ ব্যৱসায়ত চকুত লগা উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ চাকৰিত নতুন কোনো কামৰ দায়িত্ব আজি আপুনি পাব পাৰে৷ পৰিয়ালক নিজৰ কাষত পাব৷ এনাৰ্জিৰে আজি সকলো কাম সম্পন্ন কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ