অসম লাইভ ২৪ঃ প্ৰকৃতিৰ নিয়মেই সলনি কৰিছে এগৰাকী বৃ্দ্ধই। সাধাৰণতে এজন ব্যক্তিৰ ৬০ বা ৭০ বছৰৰ পিছত যৌন চাহিদা কমি আহে। কিন্তু এই বৃদ্ধগৰাকীৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত। গুজৰাটৰ ৮৯ বছৰীয়া বৃ্দ্ধৰ যৌন চাহিদাই চিন্তাৰ কাৰণ হৈ পৰিছে। বৃদ্ধৰ অত্যাচাৰ সহিব নোৱাৰি আদালতৰ কাষ চাপিছে ৮৭ বছৰীয়া বৃদ্ধা পত্নী। আৰক্ষীৰ হেল্পলাইন নম্বৰত পত্নীয়ে ফোন কৰাৰ পিছতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা।
ঘটনাটো গুজৰাটৰ ভদোদৰাৰ চায়াজীগঞ্জৰ। গুজৰাটৰ মহিলাৰ সুৰক্ষাৰ বাবে প্ৰশাসনে মুকলি কৰা ‘অভয়ম ১৮১’-ত বৃদ্ধগৰাকীৰ বিষয়ে পত্নীয়ে অনা অভিযোগৰ পিছতেই পোহৰলৈ আহিছে সকলো তথ্য। পত্নীয়ে প্ৰকাশ কৰা অনুসৰি বৃদ্ধগৰাকীৰ বেপেৰুৱা শাৰীৰিক চাহিদাত তেওঁ শাৰীৰিকভাৱে ভাঙি পৰাৰ ওপৰিও মানসিক অশান্তিৰ মাজত সময় পাৰ কৰিছে। স্বামীৰ পৰা মুক্তি পাবৰ বাবেই আৰক্ষীৰ সহায় বিচাৰে বৃদ্ধগৰাকীৰ পত্নীয়ে।
উল্লেখ্য যে, চিকিৎসকে বৃদ্ধগৰাকীৰ ওপৰত চলোৱা গৱেষণাৰ অন্তত দাখিল কৰিছে প্ৰতিবেদন। প্ৰতিবেদনত যৌন আকাংক্ষা ব্যক্তিগৰাকীৰ মানসিক স্বাস্থ্যৰ সৈতে জড়িত এক বিষয় বুলি দাবী কৰিছে চিকিৎসক দলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ