আজি দেওবাৰ, ৬ অক্টোবৰ তুলা ৰাশিৰ পাছতেই চন্দ্ৰই বৃশ্চিক ৰাশিত গমন কৰিব৷ ইয়াৰোপৰি আজি আহিন মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি আৰু এই দিনটোত দেৱী দুৰ্গাৰ চতুৰ্থ ৰূপ কুষ্মাণ্ডা দেৱীৰ পূজা কৰা হয়৷ নৱৰাত্ৰিৰ চতুৰ্থ দিনত প্ৰীতি যোগ, ৰবি যোগ আৰু বিশাখা নক্ষত্ৰৰ এই শুভ প্ৰভাৱত আজিৰ দিনটোৰ গুৰুত্ব বাঢ়িছে৷ নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত ৫ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকাসকলে ধৰ্মীয় কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ সামাজিক জীৱনো প্ৰসাৰিত হ’ব৷ সূৰ্য দেৱতাৰ অৱস্থান মজবুত হ’ব৷ লগতে মা ভগৱতীৰ সৈতে সূৰ্য দেৱতাৰো আশীৰ্বাদ লাভ কৰিব৷
৫ভাগ্যৱান ৰাশি কি কি?
কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ৷ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি তেওঁলোকৰ কামত সন্তুষ্টি পাব৷ স্বাস্থ্যও ভালে থাকিব৷ পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ কথা আলোচনা হ’ব পাৰে৷ নৱৰাত্ৰিৰ বাবে ঘৰত এক ধৰ্মীয় পৰিবেশ থাকিব আৰু আপুনি পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব পাৰে৷
কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ কুম্ভৰ জাতকে মা দুৰ্গাৰ কৃপাত আৰ্থিক লাভ কৰিব৷ তেওঁলোকৰ সম্পত্তি বৃদ্ধি পাব৷ যিসকলে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰি আছে তেওঁলোকৰ সেই ইচ্ছা আজি পূৰণ হ’ব৷ নৱৰাত্ৰিৰ কাৰণে আজি আপুনি ধৰ্মীয় কামত সহযোগিতা কৰিব আৰু পূজা অৰ্চনাই আপোনাক মানসিক শান্তি দিব৷
বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল দিন আহিছে৷ বৃষ ৰাশিৰ জাতক জাতিকাই আজি বিভিন্ন উৎসৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰব৷ দেওবাৰ ছুটিৰ দিন বাবে বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ কাষৰ ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব৷ ব্যৱসায়ীসকলে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷
কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতকৰ বাবেও আজিৰ দিনটো শুভ৷ কন্যা ৰাশিৰ লোকে আজি তেওঁলোকৰ জীৱনযাত্ৰাত উন্নতি কৰিব পাৰিব৷ পুৰণি কোনো বন্ধুৰ সৈতে হঠাৎ দেখা হ’ব আপোনাৰ৷ নিজক লৈ গৰ্ববোধ কৰিব৷ ব্যৱসায়ীসকলে কঠিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা হ’ব পাৰে৷
মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আনন্দৰ দিন৷ মকৰ ৰাশিৰ জাতকে আজিৰ দিনটো পৰিয়ালৰ সৈতে কটাব পাৰে৷ আপোনাৰ কোনো কাম যদি বহুদিন ধৰি অমীমাংসিত হৈ থাকে তেন্তে আজি আপুনি সেই কাম সম্পূৰ্ণ কৰিব পাৰিব৷ শ্বপিং কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ