অসমীয়া পঞ্জিকা অনুসৰি চ’ত সংক্ৰান্তিৰ পাছৰ দিনাৰ পৰাই আৰম্ভ হয় নতুন বছৰ৷ সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰাৰ সৈতেই আৰম্ভ হয় নতুন অসমীয়া বৰ্ষ৷ কাইলৈ ১৫ এপ্ৰিল ২০২৫ সোমবাৰে পালিত হ’ব প্ৰথম বহাগ৷ অৰ্থাৎ মানুহ বিহু৷ কালিৰ পৰাই ১৪৩১ বৰ্ষ শেষ হৈ আৰম্ভ হ’ব ১৪৩২বৰ্ষ৷ সূৰ্যই ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষত গোচৰ কৰাৰ সৈতেই নতুন বৰ্ষ আৰম্ভ হয়৷ মেষ ৰাশিত সূৰ্যৰ গোচৰৰ ফলত গঠিত হ’ব আদিত্য যোগ৷ ইয়াৰোপৰি অসমীয়া নতুন বছৰ আৰম্ভ হোৱাৰ কেইটামান দিনৰ পাছতেই মেষ ৰাশিৰ বুধৰো গোচৰ হ’ব৷ ইয়াৰ ফলত মেষ ৰাশিত বুধ আৰু সূৰ্যৰ মিলনত বুধাদিত্য ৰাজযোগ গঠিত হব৷ নৱবৰ্ষৰ আৰম্ভণিতেই এইসমূহ শুভ যোগৰ কাৰণে ভাগ্য খুলিব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক নতুন অসমীয়া বৰ্ষত সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
সিংহ ৰাশি
অসমীয়া নৱবৰ্ষত আৰ্থিকভাৱে অত্যন্ত সৌভাগ্যজনক ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ ফলত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব৷ নিজৰ টকা পইছাৰ হিচাপ সঠিকভাৱে ৰাখিব পাৰিব৷ এই সময়ত পুৰণি বিনিয়োগৰ পৰাও লাভৱান হব পাৰে৷ সমাজত প্ৰভাৱ প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বাঢ়িব আপোনাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ