শনিবাৰে বাংগালুৰুৰ কাষত নেলমঙ্গল-তুমকুৰু হাইৱেত ভয়াৱহ দুৰ্ঘটনাত ৬গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ এখন কণ্টেনাৰ কঢ়িওৱা ট্ৰাকে ডিভাইডাৰ পাৰ হৈ সন্মুখৰ দিশৰ পৰা আহি থকা ভলভ এক্স চি ৯০ ক ধাক্কা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে ৬জনকৈ ব্যক্তিয়ে৷ মৃতসকল ক্ৰমে চন্দ্ৰাম ইয়েগাপাগোল, তেওঁৰ পত্নী গৌৰাবাঈ, সন্তান গিয়ান, কন্যা দীক্ষা, তেওঁৰ পত্নীৰ ককায়েক বিজয়লক্ষ্মী আৰু আৰ্য্যা৷ চন্দ্ৰাম বাংগালুৰুৰ ছফ্টৱেৰ সংস্থা IAST ছফ্টৱেৰ চলিউশ্ব্যনৰ মেনেজিং ডাইৰেক্টৰ আছিল৷ তেওঁ মাত্ৰ দুমাহ পূৰ্বে এই বিলাসী ভলভো এক্স চি ৯০ বাহনখন ক্ৰয় কৰিছিল৷
এই বাহনত উঠি ইয়েগাপাগোল পৰিয়ালে মহাৰাষ্ট্ৰৰ সাংলিত চন্দ্ৰামৰ পিতৃৰ সৈতে দেখা কৰিবলৈ গৈছিল৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি এই বাহন সঠিক গতিতেই চলাইছিল চালকে৷ অৰ্থাৎ চালকৰ কোনো ভুল নাছিল৷ তাতেই একাধিক প্ৰশ্ন উদিত হৈছে৷ কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হৈছে? ছেফ্টি ৰেটিং উন্নত এই বাহনক কেনেকৈ নিৰাপদ বুলি ধৰিব পাৰি?
কণ্টেইনাৰ কঢ়িওৱা ট্ৰাকৰ চালক আৰিফে জনাইছে যে হঠাৎ সন্মুখৰ পৰা অহা এখন বাহন দেখি তেওঁ ব্ৰেক মাৰি ৰখোৱাৰ চেষ্টা কৰিছিল৷ কিন্তু ওজন কঢ়িওৱা বাহন বাবে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়৷ সোঁফালে ঘূৰি ডিভাইডাৰ পাৰ হৈ যায়৷ ইয়াৰপাছতেই ট্ৰাকখনে এখন গাখীৰৰ ট্ৰাকক ধাক্কা মাৰি ভলভো বাহনৰ ওপৰত পৰে৷ ট্ৰাকখনত এলুমিনিয়াম কণ্টেনাৰেৰে ভৰ্তি হৈ আছিল৷ এলুমিনিয়ামৰ ভৰত ভলভো বাহনখন চেপেটা হৈ পৰে৷
ট্ৰাকখন উঠাবলৈ ছখন ক্ৰেন ব্যৱহাৰ কৰা হৈছে৷ ইয়াৰপাছতেই এটা এটাকৈ মৃতদেহকেইটা ওলিওৱা হৈছে৷ এই দুৰ্ঘটনাক লৈ ছচিয়েল মিডিয়াত উঠিছে কেইবাটাও বিতৰ্ক৷ বহুতেই কৈছে ছেফটি কাৰ থাকিলেও ৰাস্তাত যদি সকলো সঠিক নাথাকে তেন্তে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা সম্ভৱ নহয়৷ টুইটাৰ পেজ ড্ৰাইভস্মাৰ্টত লিখিছে, ‘ছেফটি ৰেটিং পোৱা বাহনেই কেৱল জীৱনৰ সুৰক্ষা দিব নোৱাৰে৷ ৰাস্তা, সুৰক্ষিত চালক আৰু সুৰক্ষিত বাহন এই তিনিটা বিষয়েই জৰুৰী৷’ ভাল ৰাস্তা আৰু ট্ৰেফিক আইন আৰু কঠোৰ হোৱাটো জৰুৰী বুলিও কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীক টেগ কৰিছে বহুতেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ