G7ত ইজৰাইলক সমৰ্থন ট্ৰাম্পৰ, লগতে মন্তব্য- ইৰাণে কেতিয়াও জয়ী হ’ব নোৱাৰে
কানাডত অনুষ্ঠিত G7 (গ্ৰুপ অৱ ছেভেন নেশন)ৰ বাৰ্ষিক সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মুকলিকৈ ইজৰাইলক সমৰ্থন আগবঢ়ায়। লগতে ইয়াকো কয় যে, দুয়ো দেশৰ মাজত বৃদ্ধি পোৱা এই উত্তেজনাত ইৰাণে কেতিয়াও জয়ী হব নোৱাৰে।
লগতে ইয়াকো কয় যে, বহু পলম হোৱাৰ পূৰ্বেই ইৰাণে আলোচনাৰ মাজলৈ অহা দৰকাৰ। অন্যথা পৰাজয় ।
তাৰে মাজতে আন এক খবৰ, জি-৭ শীৰ্ষ সন্মিলনৰ মাজভাগত হঠাতে সন্মিলন ত্যাগ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। যি সময়ত ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। সেই সময়তে তেহৰাণক অনতিপলমে খালী কৰিব লাগে বুলি ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে।
শীৰ্ষ সন্মিলনত ট্ৰাম্পে সকীয়াই দিছিল যে তেহৰানে বহু দেৰি হোৱাৰ পূৰ্বেই নিজৰ পাৰমাণৱিক ৰিয়েক্টৰসমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















