কোন হয় আয়াতুল্লা আলী খামেনেই? ইৰাণৰ এই নেতাৰ বাবেই বাৰে বাৰে ইজৰাইলৰ আক্ৰমণ
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানাহুৱে এক সাক্ষাৎকাৰত কয় যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইক শেষ কৰাৰ পিছত দুয়োখন দেশৰ মাজৰ সংঘাতৰ অন্ত পৰিব। এই নেতাগৰাকীৰ বাবেই বাৰে বাৰে আক্ৰমণ কৰি আছে ইজৰাইলে।
ইৰাণৰ বিৰুদ্ধে চলি থকা সামৰিক কাৰ্যকলাপৰ সন্দৰ্ভত নেত্যানাহুৱে কয় যে তেওঁলোকৰ লক্ষ্য সংঘাত বৃদ্ধি কৰা নহয় বৰঞ্চ ইয়াৰ অন্ত পেলোৱা।
পাছে কোন এই আয়াতুল্লাহ , যাৰ পাছত হাত ধুই পৰিছে ইজৰাইল! আয়াতুল্লাহ আলী খামেনেই ইৰাণৰ সৰ্বোচ্চ নেতা। সামৰিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি অৰ্থনীতিলৈকে তেওঁৰ অনুমোদন অবিহনে সমগ্ৰ দেশতে একো নহয়।
ইৰাণৰ আটাইতকৈ শক্তিশালী ব্যক্তি তেওঁ। খামেনেই হৈছে ইৰাণৰ সৰ্বোচ্চ নেতা। ইৰাণৰ প্ৰতিষ্ঠাপক ৰুহোল্লাহ খোমেইনীৰ মৃত্যুৰ পিছত ১৯৮৯ চনত সৰ্বোচ্চ নেতা নিৰ্বাচিত হৈছিল ৮৫ বছৰীয়া খামেনেই। ১৯৩৯ চনত উত্তৰ-পূবৰ মছহাদ চহৰত জন্মগ্ৰহণ কৰিছিল খামেনেই। তেওঁৰ পিতৃ আছিল ধৰ্মীয় গুৰু।
অপৰিসীম ধন-সম্পত্তিৰ মালিক খামেনেই। ইৰাণৰ সৰ্বোচ্চ নেতা সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ। ইয়াৰ উপৰিও তেওঁ চোৰাংচোৱা আৰু নিৰাপত্তা অভিযান নিয়ন্ত্ৰণ কৰে। তেওঁৰ ন্যায়পালিকাৰ উচ্চতম অধিনায়ক, চৰকাৰী ৰেডিঅ’ টেলিভিছন নেটৱৰ্ক, আই আৰ জি চিক নিযুক্তি আৰু বৰ্খাস্ত কৰাৰ ক্ষমতা আছে।
ইয়াৰ বাহিৰেও খামেনেই ইৰাণৰ গাৰ্ডিয়ান কাউন্সিলৰ বাৰজন সদস্যৰ ভিতৰত ৬জনক নিযুক্তি দিয়ে। আমেৰিকাৰ বাতৰি অনুসৰি খামেনেইৰ হাতত ২০০ বিলিয়ন ডলাৰৰ সম্পত্তি আছে। খামেনেইৰ আয়ৰ অধিকাংশই পেট্ৰলিয়াম আৰু গেছ কোম্পানীৰ পৰা আহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ