৮ এপ্ৰিল ২০২৫ মঙলবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি চ’তৰ শুক্লা একাদশী তিথি৷ আজি পালিত হৈছে কামদা একাদশী৷ নিশা ৯ বাজি ১২ মিনিট পৰ্যন্ত শুক্লা একাদশী তিথি থকাৰ পাছতেই দ্বাদশী পৰিব৷ জ্যোতিষ গণনা অনুসৰি আজি শূল যোগ আৰু গণ্ড যোগৰ প্ৰভাৱ থাকিব৷ আজি থাকিব প্ৰথমে অশ্লেষা নক্ষত্ৰ আৰু পাছত মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজি দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷ হিন্দু ধৰ্মত মঙলবাৰ বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিয়ে সুখ সাফল্য লাভ কৰাৰ দিন৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ