অসম লাইভ ২৪ঃ বিজ্ঞান আৰু মমতাৰ এক আচৰিত ঘটনা। ঘটনাই স্তম্ভিত কৰি তুলিছে জনতাক। ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত। সৃষ্টিকৰ্তাৰ নিয়মকো অতিক্ৰম কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিয়ে। মায়াম্মা আৰু ৰাজা ৰাও দুয়ো বিবাহপাশত আবদ্ধ হৈছিল ৫৪ বছৰ পূৰ্বে। কিন্তু সন্তানৰ মুখ দেখা নাছিল। তাৰ পাছত বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় ল’লে দুয়োৱে। বিজ্ঞানেও দেখুৱালে নিজৰ যাদুকৰী শক্তি। ৭৪ বছৰ বয়সত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে মায়াম্মাই। তাকো যমজ সন্তান। IVFৰ জৰিয়তে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে মায়াম্মাই। ছিজাৰিয়ানৰ জৰিয়তে ৪ জন ডাক্টৰৰ তত্ত্বাৱধানত জন্ম হয় দুটা সন্তানৰ। শেহতীয়া খবৰ অনুসৰি ৭৪ বছৰীয়া মায়াম্মাই আৰু দুয়োটা সন্তানেই সম্প্ৰতি সুস্থ অৱস্থাত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ