অসম লাইভ ২৪ঃ আদ্যশ্ৰাদ্ধস্থলীত অথন্তৰ৷ আদ্যশ্ৰাদ্ধস্থলীৰ পৰাই আটক পুৰোহিতৰ লগতে আয়োজক৷ কোভিড প্ৰট’কল ভংগ কৰি ৰাজকীয়ভাৱে আয়োজিত বান্দৰৰ আদ্যশ্ৰাদ্ধত এই অথন্তৰ৷ আয়োজন কৰা হৈছিল বৃহৎ ভোজ-ভাতৰ৷ আদ্যশ্ৰাদ্ধত অংশগ্ৰহণ কৰে ১৫ শতাধিক লোকে৷ কিন্তু আদ্যশ্ৰাদ্ধ চলি থকাৰ মাজতে ঘটিল অথন্তৰ৷ কোভিড বিধি সন্দৰ্ভত প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি কৰি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ বাবে দুগৰাকী লোকৰ আটক কৰে আৰক্ষীয়ে৷ মধ্যপ্ৰদেশত সংঘটিত হৈছে এই ঘটনা৷ মধ্যপ্ৰদেশৰ ৰাজগড়ত এটি বান্দৰৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰি বিপদত কৰিছে এইসকল লোক৷ ২৯ ডিচেম্বৰত মধ্যপ্ৰদেশৰ ডালোপুৰা অঞ্চলত মৃত্যু হৈছিল এটি বান্দৰৰ৷ বান্দৰটোৰ মৃত্যুত শোকস্তব্ধ অঞ্চলবাসীয়ে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে আয়োজন কৰে মৃতকৰ সৎকাৰৰ কাৰ্যসূচী৷ দেশৰ বিভিন্ন প্ৰান্তত বান্দৰক হনুমান ভক্তৰ ৰূপত ভগৱান জ্ঞান কৰে৷ আৰু সেইবাবেই অঞ্চলটোৰ এজন যুৱকে মুণ্ডনো কৰে বান্দৰটোৰ মৃত্যুত৷ কিন্তু কোভিড প্ৰট’কল ভংগ কৰি এনেদৰে বৃহৎ আয়োজনেৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰে এনে ব্যৱস্থা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ