অসম লাইভ২৪ঃ খোজকাঢ়ি ওড়িশাৰ পৰা অযোধ্যালৈ যাত্ৰা আৰম্ভ কৰিছে দুজন যুৱকে। ওড়িশাৰ গঞ্জাম জিলাৰ বেৰহামপুৰৰ পৰা অযোধ্যাত উপস্থিত হ’বলৈ তেওঁলোকে অতিক্ৰম কৰিব লাগিব ১৪০০ কিঃমিঃ। ওড়িশাৰ পৰা অযোধ্যাত উপস্থিত হ’বলৈ সময় লাগিব প্ৰায় ৪০ দিন।
অযোধ্যালৈ যাত্ৰা কৰা দুগৰাকী যুৱকৰ নাম ক্ৰমে কুৰেশ বেহেৰা আৰু ছনু বিছোই। তেওঁলোক দুয়ো চন্দপুৰ আৰু কনিছিৰ বাসিন্দা। দুজনেই বেছৰকাৰী সংস্থাত কৰ্মৰত। দেওবাৰে দুয়োৱে বেৰহামপুৰৰ পৰা অযোধ্যালৈ বুলি যাত্ৰা আৰম্ভ কৰিছে। যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে দুয়োৱে স্থানীয় ৰামমন্দিৰত পূজা আগবঢ়াই। ইয়াৰপাছতেই দুয়োৱে যাত্ৰা আৰম্ভ কৰে। বেগত গেৰুৱা পতাকা, মুখত জয় শ্ৰী ৰাম ধ্বনি। গাওঁৰ বহুতেই তেওঁলোকক সংগ দি ১০-১৫ কিঃমিঃ পৰ্যন্ত আগুৱাই আহিছে। তাৰপিছতেই গাওঁবাসী উভতি গৈছে। অযোধ্যালৈ বুলি দুয়োৱে অকলেই যাত্ৰা কৰিছে।
কুৰেশে জনোৱা অনুসৰি পথত প্ৰথম দিনা বহুতেই তেওঁলোকক দেখি জয় শ্ৰী ৰাম ধ্বনি দিছিল। তেওঁ কয়, ‘দৈনিক ৩০ৰ পৰা ৩৫ কিঃমিঃ খোজকঢ়াৰ পৰিকল্পনা কৰিছো। আগন্তুক ৪০ দিন ধৰি আমি খোজকাঢ়িম। মন্দিৰ উদ্ভোধন অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও তাৰ ১০ দিনমান পাছত আমি ৰাম মন্দিৰত উপস্থিত হম। মন্দিৰত গৈ প্ৰাৰ্থনা কৰিহে আমি উভতি আহিম।’ অন্য এগৰাকী যুৱক ছনুৱে এই সন্দৰ্ভত কয়, ‘নিজৰ চকুৰে মন্দিৰটো চাব বিচাৰো। এবাৰ ৰামক দৰ্শন কৰিব খোজো।’ তেওঁলোকে জনোৱা অনুসৰি যাত্ৰাপথত তেওঁলোকে পথৰ কাষত মন্দিৰতেই থাকিব। যাত্ৰাপথত মানুহক আধ্যাত্মিক পথত চলাৰ কথাও বুজোৱাৰ চেষ্টা কৰিছে দুয়োৱে। ইয়াৰপূৰ্বে মহাৰাষ্ট্ৰৰ পৰা অযোধ্যালৈ খোজকাঢ়ি যাত্ৰা কৰিছে এগৰাকী মুছলমান তৰুণীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















